ডিজিটেল ডেস্কঃ কাকডোঙাৰ মেধাৱী ছাত্ৰৰ গুৱাহাটীৰ ভাড়াঘৰত সন্দেহজনক মৃত্যু। ছাত্ৰজনৰ নাম অনিমেশ বৰা।
কাকডোঙাৰ অনিমেশ বৰাই যোৱা ১৬ জানুৱাৰী তাৰিখে গুৱাহাটীৰ এটা ভাড়াঘৰত আত্মহত্যা কৰে।
অনিমেশ বৰা আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয় প্ৰথম বৰ্ষৰ ছাত্র আছিল।
বিহুৰ আগত ঘৰলৈ আহি চৰকাৰে প্ৰদান কৰা স্কুটি গ্ৰহণ কৰি গুৱাহাটীলৈ লৈ যায়।
ছাত্ৰজন কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় সাধাৰণ সম্পাদক হোৱাৰ লগতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ পাই উত্তীৰ্ণ হৈছিল।
পৰিয়ালৰ মতে এইয়া আত্মহত্যা নহয়৷ অনিমেশৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷
Leave A Comment