ডিজিটেল ডেস্কঃ মৈৰাবাৰীত এজন ছাত্ৰৰ নাভূত নাশ্ৰুত কাণ্ড। মোবাইল ফোন বিচাৰিছিল ছাত্ৰজনে৷
মোবাইল ফোন নিদিয়াৰ বাবেই ঘৰৰ পৰা পলায়ন ছাত্ৰজনৰ। অষ্টম শ্রেণীৰ ছাত্রজনে পিতৃ-মাতৃক বিচাৰিছিল এটা Android মোবাইল ফোন।
বিচৰা মোবাইল ফোন ছাত্ৰগৰাকীক পিতৃ-মাতৃয়ে নিদিয়াৰ বাবেই তেওঁ ঘৰ এৰি পলায়ন কৰে।
এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত।
চাৰি দিনে নিৰুদ্দেশ হৈ থকা একমাত্ৰ পুত্রক বিভিন্ন ঠাইত বিচাৰি নাপাই ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ।
নিৰুদ্দেশ হোৱা ছাত্ৰজনৰ নাম আছাদ হুছেইন। ঘৰ সূতাৰ গাঁৱত।
সূতাৰগাঁও পাব্লিক হাইস্কুলৰ ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে।
উল্লেখ্য যে যি সময়ত নৱ প্ৰজন্মৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকল মোবাইলৰ আসক্তি দূৰ কৰিবলৈ বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক সেই সময়তে এটা মোবাইল ফোনৰ বাবে অষ্টম শ্রেণীৰ ছাত্রজনে ঘৰ এৰি পলায়ন কৰিবলগীয়া হোৱা বিষটোৱে চিন্তিত কৰি তুলিছে সচেতন মহলক।
Leave A Comment