ডিজিটেল ডেস্কঃ মানুহ দেখিছো আজি বহুত মানুহ...
ৰাজ্যবাসীৰ বাবে দুঃখবৰ। গণশিল্পী সূৰ্য দাস আৰু নাই। মৰিগাঁৱত দেহাৱসান ঘটে শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।
মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ প্ৰয়াণত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী।
শনিবাৰে পুৱা তেওঁ বাথৰুমত পৰি গৈছিল। পৰিয়ালে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ আহিছিল যদিও চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। দাসৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ লৈ অহা হ'ব।
পাছবেলা নিউ গুৱাহাটী এপাৰ্টমেণ্টলৈ লৈ অনা হ’ব সূৰ্য দাসৰ মৃতদেহ। পুত্ৰ নাগালেণ্ডৰ পৰা অহাৰ পাছত গুৱাহাটীতেই সূৰ্য দাসৰ মৃতদেহ সৎকাৰ কৰা হ’ব । এই কথা জনালে পুত্ৰী ৰশ্মি দাসে।
যোৱা বহুদিন ধৰি মৰিগাঁৱতেই আছিল শিল্পী সূৰ্য দাস। নিউ গুৱাহাটীৰ ইষ্টাৰ্ণ এনক্লেভত ঘৰ আছে তেওঁৰ। ধৰমতুলত চৰকাৰে দিয়া মাটিখিনিৰ কাষতে ঘৰ এটা লৈ আছিল বহুদিন ধৰি বসবাস কৰি আছিল সূৰ্য দাসে।
কেইবাটিও চিৰসেউজ গীতত কণ্ঠ নিগৰাই অসমৰ সংগীত প্ৰেমীৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰিছিল সূৰ্য দাসে৷ এগৰাকী অতি উদাৰ মনৰ বিশাল ব্যক্তিত্ব, গণশিল্পী সূৰ্য দাসদেৱৰ গীতসমূহত সকলোৱে বিচাৰি পাইছিল মানৱতাৰ কথা৷ তেখেতৰ প্ৰয়াণ অসমৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি৷ তেখেতৰ অৱদানে অসমৰ সংগীত জগত সমৃদ্ধ কৰি ৰাখিব৷
উল্লেখ্য যে কামপুৰৰ তেঁতেলীসৰাৰ নিশাৰী নৈ পাৰত জন্ম গ্ৰহণ কৰিছিল গণশিল্পী সূৰ্য দাসে। ইয়াতে শৈশৱ, কৈশোৰ যৌৱন কাল তেওঁ পাৰ কৰে। অসমৰ সংগীত জগতৰ ভোটাতৰা স্বৰূপ গণশিল্পী সূৰ্য দাসৰ বিয়োগত তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
Leave A Comment