• আলফা স্বাধীনৰ স্পষ্টিকৰণ আটক কৰা অধিকাংশই জড়িত নহয় সংগঠনৰ সৈতে

    আঞ্চলিক
    আলফা স্বাধীনৰ স্পষ্টিকৰণ  আটক কৰা অধিকাংশই জড়িত নহয় সংগঠনৰ সৈতে
    ডিজিটেল ডেস্ক: স্বাধীনতা দিৱসৰ দিনা সমগ্র অসমতে কটকটীয়া নিৰাপত্তা মাজতে বোমা স্থাপনেৰে আতংক সৃষ্টি কৰিছিল। এই কাৰ্যৰ সমগ্র অসমতে এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বহু দিন ধৰি গুলী বোমা পৰিবেশৰ পৰা মুক্ত হৈ থকা অসমক পুনৰ অশান্ত কৰাৰ আলফাৰ এই কাৰ্যক একেমুখে সকলোৱে গৰিহণা দিছিল। এই সমগ্ৰ ঘটনা তদন্ত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছিল। আজি সমগ্ৰ অসম জুৰি অসম আৰক্ষীয়ে চলোৱা অভিযানত ১৫ জনকৈ লোকক আৰক্ষীয়ে আলফাৰে যোগাযোগ থকাৰ সন্দেহত আটক কৰে।

    আৰক্ষীয়ে পুৱাৰ ভাগতে টীয়কৰ বলমা হাবি গাঁৱৰ দুজন ব্যক্তিক আটক কৰে। আটকাধীন ব্যক্তি দুজন হৈছে আনোৱাৰ আলী আৰু তেখেতৰ পত্নী ৰচিদা বেগম। দুই জনকে টীয়ক আৰক্ষী থানাত যোৰহাট আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই জেৰা চলাই। আটকাধীন আনোৱাৰ আলী নামৰ ব্যক্তিজন অৱসৰ প্ৰাপ্ত আৰক্ষী জোৱান। আটকাধীন ব্যক্তি দুজনক টীয়ক আৰক্ষী থানাত ৰখা হৈছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখখুলিব বিচৰা নাই। আটকাধীন আনোৱাৰ আলী পত্নী গৰাকী হিন্দু সম্প্ৰদায়ৰ হোৱাৰ লগতে তেখেতৰ ভাতৃ নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ভতিজাকৰ সৈতে আলফাত কেইবছৰমান পূৰ্বে যোগদান কৰিছিল। আৰক্ষীয়ে এই বিষয়ে সাংবাদিকক বিশেষ জনাব বিচৰা নাই যদিও তদন্তৰ পাছতহে সবিশেষ জনাব পৰা হৱ মন্তব্য প্ৰদান কৰে। 

    উল্লেখযোগ্য যে সংযুক্ত মুক্তিবাহিনী অসমে সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰিছে যে ‘১৮ আগষ্ট ২০২৪ তাৰিখৰ পৰা ২২ চেপ্তেম্বৰ ২০২৪ চেপ্তেম্বৰ তাৰিখলৈ অসম আৰক্ষী প্রশাসনে অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইগৰাকী নিৰীহ যুৱক-যুৱতীৰ ওপৰিও সংযুক্ত মুক্তি বাহিনী, অসম  সংগঠনৰ সদস্যৰ পৰিয়ালৰ বহু সদস্য, পক্ষাঘাত ৰোগত আক্রান্ত ব্যক্তিক আটক কৰি শাৰিৰীক আৰু মানসিক নির্যাতন চলোৱা কাৰ্য্যক সংগঠনে ধিক্কাৰ দিয়াৰ লগতে সহজভাবে লোৱা নাই। লগতে, সংগঠনৰ নীতি-আদৰ্শৰ প্ৰতি কাৰোবাৰ নৈতিক সমর্থন থাকিব পাৰে, তেনে সমর্থনক অপৰাধীৰ মানসেৰে বিচাৰ কৰি নিৰপৰাধীৰ ওপৰত নিৰ্য্যাতন চলাই NIA, অসম আৰক্ষী আৰু অসম চৰকাৰে ব্যক্তিৰ মৌলিক
    অধিকাৰ খৰ্ব কৰাৰ লগতে মানৱ অধিকাৰ উলঙ্ঘন কৰিছে বুলি বিবৃতিত উল্লেখ কৰিছে৷