ডিজিটেল ডেস্কঃ টংলাৰ চিকাৰিবাংলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত যুৱ সমাজকৰ্মী, শংকৰ সংঘৰ বিষয়ববীয়া তথা যুৱ ব্যৱসায়ী কুলেন নাথ।
ভেৰগাঁৱৰ ডিমাকুছি-ৰজাগড়ৰ সৰবৰহী যুৱক, সমাজ সংগঠক কুলেন নাথ (৪২) ৰ পথ দুৰ্ঘটনাৰ মৃত্যুত বিটিআৰৰ ইএম সঞ্জিৎ তাঁতীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শোক প্ৰকাশ।
ৰজাগড় নিবাসী কুলেন নাথে টংলাৰ পৰা বাইকেৰে ডিমাকুছি অভিমুখে ঘৰলৈ আহি থকা সময়ত টংলা-ডিমাকুছি পথৰ চিকাৰীবাংলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে তেওঁৰ মৃত্যু হয়।
বিভিন্ন অনুস্থান-প্ৰতিষ্ঠান গঢ় দিয়াত আগৰণুৱা কুলেন নাথ মৃত্যুৰ আগমুহূৰ্তলৈকে নাথ যোগী সন্মিলনী , শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ , নালাপাৰা যুৱক সংঘ, জাগৃতি সংঘ, ডিমাকুছি ই-মিডিয়া ফ'ৰমাৰ বিভিন্ন দায়িত্বত থকাৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ ননৈ চেৰফাং মণ্ডলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে দায়িত্ব পালন কৰি আছিল৷
কুলেন নাথে মৃত্যুৰ সময়ত মাতৃ, পত্নী আৰু একমাত্ৰ ৫ বছৰীয়া পুত্ৰৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।
অগ্ৰণী সমাজ সংগঠক কুলেন নাথৰ আকস্মিক বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে-লগে বহু দূৰ-দূৰণিৰ অসংখ্য গুণমুগ্ধই তেখেতৰ বাসগৃহত ভিৰ কৰি অন্তিম বাৰৰ বাবে শ্ৰদ্ধা নিবেদি কান্দোনৰ ৰোল তোলে৷
কুলেন নাথৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি কুলেন নাথৰ গৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰে বিটিআৰৰ ইএম সঞ্জিত তাঁতীয়ে।
কুলেন নাথৰ মৃত্যুত নাথ যোগী ছাত্ৰ সন্থাৰ ফুকন নাথ, বিপিএফৰ ননৈ চেৰফাং মণ্ডল, জাগৃতি সংঘ, ডিমাকুছি ই-মিডিয়া ফ'ৰাম, ৰজাগড়-নালাপাৰা ব্যৱসায়ী সন্থা, ভাৰতীয় জনতা পাৰ্টী ননৈ চেৰফাং মণ্ডল, আছু, এবছু, আছা, আক্ৰাছুৰ উপৰিও বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।
Leave A Comment