ডিজিটেল ডেস্ক সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি কেইবাগৰাকী বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা । শনিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে বঁটা প্ৰাপকৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে ঘোষণা কৰা অনুসৰি ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা ৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে । বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, শিক্ষাবিদ ড৹ থানেশ্বৰ শৰ্মালৈ আগবঢ়োৱা হৈছে শ্ৰীশ্ৰী মাধৱদেৱ বঁটা । অপাৰেশ্যন সেন্দূৰৰ শ্বহীদ মণিপুৰৰ দীপক চিংখামলৈ মৰণোত্তৰভাৱে বীৰ চিলাৰায় বঁটা আগবঢ়োৱা হৈছে । সেইদৰে বিশিষ্ট কবি, সাহিত্যিক ধনেশ্বৰ ইংতিলৈ কালিচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছে । ইফালে ২০২৫ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ বঁটা ৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে ।
বিশিষ্ট চিত্ৰশিল্পী নৰেন্দ্ৰ নাথ দাসলৈ আগবঢ়োৱা হৈছে বিষ্ণু ৰাভা বঁটা । সেইদৰে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, গৱেষক ড৹ মল্লিকা কন্দলীলৈ আগবঢ়োৱা হৈছে বিষ্ণু ৰাভা বঁটা । বিশিষ্ট সত্ৰীয়া সংস্কৃতিক সাধক সোণাৰাম শৰ্মা বুঢ়াভকতলৈ আগবঢ়োৱা হৈছে শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা । আনহাতে বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ আগবঢ়োৱা হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা ।
উল্লেখ্য যে অহা ২০ জুনত নলবাৰীত অনুষ্ঠিত হ'বলগীয়া বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব । সামাজিক মাধ্যমযোগে বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰি মুখ্যমন্ত্রীয়ে কয়, "ৰাজ্যৰ কলা-সংস্কৃতি, সমাজ আৰু সাহিত্য জগতৰ খ্যাতিমান সন্তানৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ কেইবাগৰাকীও বৰেণ্যৰ বাবে ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা ঘোষণা কৰি আনন্দিত হৈছোঁ । লগতে অপাৰেশ্যন সেন্দূৰত শ্বহীদ বৰণ কৰা মণিপুৰৰ সুসন্তান এগৰাকীকো মৰণোত্তৰভাৱে আমি এক মান্যতাপূৰ্ণ বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । প্ৰতিগৰাকী নমস্য ব্যক্তিক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ । অহা ২০ জুনত নলবাৰীত অনুষ্ঠিতব্য বিষ্ণু ৰাভা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব । আপোনালোকৰ নিৰৱচ্ছিন্ন সাধনা অব্যাহত থাকক, সেয়াই কামনা কৰিলোঁ ।"
Leave A Comment