ডিজিটেল ডেস্ক: অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ সময়তে অসমৰ এগৰাকী যুৱ কবিয়ে আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলনত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰা খবৰে গৌৰাম্বিত কৰিছে সাহিত্য অনুৰাগীৰ লগতে অসমবাসীক।
ব্যতিক্ৰমৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰত শেহতীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলনত এগৰাকী অতিথি যুৱ কবি হিচাপে অসম তথা অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰে ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ লেখক ভ্ৰমণ অনুদান প্ৰাপক কবি অভিজিত গগৈয়ে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে- যিহেতু অসমীয়া ভাষাই ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে তেনে স্থলত নানা বিষয় আৰু অভিজ্ঞতাৰ লগতে অনুবাদ ক্ষেত্ৰখনৰ বাবে এই ধৰণৰ সংযোগ অসমীয়া সাহিত্য তথা কবিতাৰ বাবে অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ।
এই অনুষ্ঠানত জাপান, ভিয়েটনাম, চুইটজাৰলেণ্ড, মেক্সিকো, জাৰ্মানী, ইজিপ্ত আৰু অন্যান্য দেশৰ কবিসকল উপস্থিত থকাৰ লগতে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ কবিও অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, যুৱ প্ৰজন্ম তথা অসমীয়া কাব্য-সাহিত্যক প্ৰতিনিধিত্ব কৰা অভিজিত গগৈৰ কবিতা বিখ্যাত জৰ্নেল 'Indian literature’ ৰ বাবে নিৰ্বাচিত হৈছে।
Leave A Comment