ডিজিটেল ডেস্কঃ কৰ্কট ৰোগত আক্ৰান্ত মানে মৃত্যু নহয়। এই ৰোগত আক্ৰান্ত হ'লেই মৃত্যু হোৱা বুলি ভবাৰ দিন এতিয়া আৰু নাই। সেয়েহে আজি বহুতেই এই ৰোগত আক্ৰান্ত হোৱাৰ পিছতো আন দহজন লোকৰ দৰে জীৱন যাপন কৰিবলৈ সক্ষম হৈছে।
বহুতেই আকৌ এইবিধ ৰোগৰ চিকাৰ হোৱাৰ পিছতো ৰচনা কৰিছে গ্ৰন্থ আদি। আজিৰ পৰা চাৰি বছৰ পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী লোকে কেনেদৰে এই দুৰ্যোগৰ মাজেৰে আহি আজি ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে সেই বিষয়ে ব্যাখ্যা কৰি এখন গ্ৰন্থ ৰচনা কৰিছে।পৰিৱহণ বিভাগৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকা অৱস্থাতে কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা আৰম্ভ কৰিছিল এইগৰাকী ব্যক্তিয়ে । এই মৰণব্যাধি কৰ্কটৰ চতুৰ্থ স্তৰ অৰ্থাৎ অন্তিম পৰ্যায়ৰ পৰা উপশম লাভ কৰিবলৈ সক্ষম হোৱা সীতা ৰাম দলেই নিজৰ জীৱনৰ পৰা অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছে ' কৰ্কট ক্ৰান্তি ' ।
কেন্সাৰ মাণেই মৃত্যু নহয়,আজিকালি ৰোগবিধৰ পৰা হাত সাৰিব পাৰি যদিহে প্ৰাৰম্ভিক অৱস্থাতে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰা হয় । গ্ৰন্থখনৰ লেখকৰ মনোবল আৰু সাহস দেখি অভিভূত হৈছো ।
সম্প্রতি পৰিবৰ্তনশীল জীবন যাত্রাত কৰ্কট ৰোগে হেঙাৰ স্বৰূপে বাধা দিয়াত বহুতৰ ৰঙীন ভবিষ্যত অন্ধকাৰাচ্ছন্ন হৈ পৰিছে। কাৰণ বহুতৰে অন্তিম পৰ্যায়ত এই ৰোগ ধৰা পৰে।কৰ্কট আক্রান্ত কিছুসংখ্যক ৰোগীয়ে দিকবিদিক হেৰুৱাই আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰ ঘটনাও সংঘটিত হৈছে। দিন-প্রতিদিন কর্কট ৰোগত আক্ৰান্তৰ গ্ৰাফডাল ইমানেই উর্ধ্বগামী হৈছে, যাৰ পৰিপ্ৰেক্ষিতত সকলোকে এবাৰ হ'লেও ভাবিবলৈ বাধ্য কৰাইছে।
অসমতো এই ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰা বিষয়টোৱে গতিশীল সমাজ ব্যবস্থা একপ্ৰকাৰ স্থবিৰ কৰি তুলিছে বুলি ক'লেও নিশ্চয় অত্যুক্তি কৰা নহ'ব। কৰ্কট ৰোগ কি, এই ৰোগৰ কাৰণ, মানৱ দেহৰ বিভিন্ন অংগৰ কৰ্কট ৰোগ, কৰ্কটত আক্রান্ত কেইগৰাকীমান ব্যক্তিৰ ইয়াৰ পৰা পোৱা পৰিত্ৰাণ, কৰ্কটৰ পৰা মুক্তি লাভৰ উপায় আৰু কেনেকৈ ৰক্ষা পৰিল এই সন্দৰ্ভত ভালেকেইগৰাকী লোকৰ পুংখানুপুংখ ঘটনাৰ বাস্তৱ চিত্র বিভিন্ন উদাহৰণসহ আলোকপাত কৰি বিশিষ্ট নিবন্ধকাৰ সীতাৰাম দলেই ৰচনা কৰিছে 'কৰ্কট ক্রান্তি'। নিঃসন্দেহে তথ্যসমৃদ্ধ এখন মূল্যবান গ্রন্থ।
লেখক এগৰাকী কৰ্কট ৰোগী যদিও আত্মবল আৰু জীবন ছন্দৰ গতি সহজতে নির্বাপিত নকৰি এশ শতাংশ জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহেৰে সম্পূৰ্ণ প্রস্তুত থাকিয়ে 'কৰ্কট ক্রান্তি' ৰচনা কৰিছে। কর্কট ৰোগত আক্রান্ত হ'লেই এচামে ভয়তে মৃত্যুক সাবটি লয়। ভয়ত বিতত নহৈ নিজৰ সক্ষমতা আৰু মানসিক ভাৰসাম্য হেৰুৱাই নেপেলাবলৈ নিবন্ধকাৰ দলে নানা যুক্তি-তথ্যৰে গ্ৰন্থখন সকলোৰে বোধগম্য হোৱাকৈ পঢ়ুৱৈৰ বাবে লিখি উলিওৱাত অকণো কৃপণালি কৰা নাই।
কেৱল কৰ্কট ৰোগীৰ মন-মগজু উৰ্বৰ কৰাই নহয়, সৰ্বস্তৰৰ পাঠকৰ হৃদয়ত সাঁচ বহুৱাৰ। গৱেষকৰ বাবেও এখন তথ্যসমৃদ্ধ গ্রন্থ বুলি দৃঢ়ভাবে ক'ব পাৰি। আমাৰ সমাজত ৰঘুমলাৰ দৰে বাঢ়ি অহা কৰ্কট ৰোগ প্ৰতিৰোধত 'কর্কট ক্রান্তি'য়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি কোৱাৰ অনেক যুক্তি আছে। গ্রন্থখন যে মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব সেয়া ধুৰুপ। এই গ্ৰন্থখনে এনে ৰোগীক নিশ্চয় জীয়াই থকাৰ মনোবল বৃদ্ধি কৰিব।
গ্ৰন্থখনৰ বেটুপাত অতি অৰ্থৱহ হৈছে। এই গ্ৰন্থখন কৰ্কট ৰোগত আক্ৰান্ত লোকসকলে পঢ়িলে নিশ্চয় উপকৃত হ'ব পাৰিব। বিচাৰি পাব জীয়াই থকাৰ মনোবল। হতাশা, ভয় আৰু শঙ্কাৰ মাজত সময় অতিবাহিত কৰি মানসিকভাৱে ভাগি পৰাতকৈ এই গ্ৰন্থখন পঢ়ি উপকৃত হ'ব পাৰিব।
Leave A Comment