ডিজিটেল ডেস্কঃ এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া প্ৰাক্তন বিএলটি ভৱন আৰু অতিথিশালাৰ বুধবাৰে আনুষ্ঠানিকভাৱে আধাৰশীলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।
কোকৰাঝাৰৰ খাৰগাাঁৱ কাশীবাৰীত নিৰ্মান হ'ব প্ৰাক্তন বিএলটি ভৱন আৰু অতিথিশালা । আনহাতে আধাৰশিলা স্থাপন কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে বিএলটিৰ প্ৰতিষ্ঠাপক সভাপতি বীৰ চিলাগাং বসুমতাৰীৰ নামত বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিত ৪০ টা ষ্টেডিয়াম নিৰ্মান কাৰ্য হৈ আছে।
অহা ১২ জুনত ৩০০ প্ৰাক্তন বিএলটিক এককালিনভাৱে ৫০ হাজাৰ টকাকৈ সাহাৰ্য দিয়া হ'ব বুলিও সদৰী কৰে প্ৰমোদ বড়োৱে ।
Leave A Comment