ডিজিটেল ডেস্কঃ এটা চিগাৰেটৰ বাবেই মহানগৰীত প্ৰচণ্ড মাৰপিটৰ ঘটনা। স্বামী স্ত্ৰীয়ে লোৰ ৰডেৰে এজন যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আহত কৰে।
এই ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত মঠঘৰিয়াত। ইতিমধ্যে নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্ত স্বামী স্ত্ৰীক। ধৃত স্বামী- স্ত্ৰী হাল হৈছে মঠঘৰীয়াৰ গণেশ মালি আৰু ৰুণু মালি।
উল্লেখ্য যে, মঠঘৰীয়াৰ বি জি গেটৰ সমীপৰ বাসিন্দা ৰাজু আহমেদে মঙ্গলবাৰে নিশাৰ ভাগত ওচৰৰ গণেশ মালিৰ দোকানলৈ চিগাৰেট ক্ৰয় কৰিবলৈ যায়। দোকানৰ পৰা চিগাৰেট বিচৰাত ৰাজু আৰু গণেশৰ মাজত বাক বিতন্দাৰ সৃষ্টি হয়। ইয়াতে অধিক উত্তেজিত হৈ পৰা গণেশ মালিয়ে পত্নীক লোৰ ৰড আনিবলৈ কয় আৰু স্বামী স্ত্ৰীয়ে ৰাজুৰ মূৰত লোৰ ৰডেৰে উপৰ্যপৰি প্ৰহাৰ কৰে। ফলত ৰক্তাক্ত অৱস্থাত ৰাজু মাটিত ঢলি পৰে। পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত ৰাজুক সংকটজনক অবস্থাত GMCH ত ভৰ্তি কৰে। মূৰত ন টাকৈ চিলাই পৰা ৰাজু GMCH ত মৃত্যুৰ সৈতে যুঁজি আছে। ঘটনা সন্দৰ্ভত ৰাজুৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ কৰে।
সম্প্ৰতি নুনমাটি থানাৰ লক আপত আৰক্ষীয়ে দুয়ো জনক মাৰাথন জেৰা চলাই আছে।
Leave A Comment