• কৰুণ ঘটনা! গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবি ৩ বন্ধুৰ মৃত্যু

    আঞ্চলিক
    কৰুণ ঘটনা!  গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত ডুবি ৩ বন্ধুৰ মৃত্যু
    ডিজিটেল ডেস্কঃ এক কৰুণ মৃত্যুৰ ঘটনা। বহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল তিনি বন্ধুৰ। শুকুৰবাৰে  মহানগৰীৰ চূণচালিত লুইতত সন্ধানহীন হৈছিল গুৱাহাটীৰ তিনিজনকৈ কিশোৰ। শুকুৰবাৰে SDRFএ অভিযান চলাই উদ্ধাৰ কৰিছিল দেৱজিৎ ভূঞা, কোকিল কলিতাৰ মৃতদেহ।

    কিন্তু SDRFএ শুকুৰবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৰাহুল দাসক। ৰাহুলৰ সন্ধানত আজি পুৱাৰে পৰা চলিছিল অভিযান। অৱশেষ SDRFএ আজি উদ্ধাৰ কৰিলে ৰাহুল দাসৰ মৃতদেহ।

    তিনিও কিশোৰৰ ঘৰ আছিল চানমাৰিৰ অমিয়নগৰত। গা ধুই ছেলফী লওঁতে পিচলি পৰিছিল নদীত।

    এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।