ডিজিটেল ডেস্কঃ সংঘটিত হৈছে এক কৰুণ ঘটনা। কন্যাৰ জোৰোণৰ দিনাই শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হ’ল পিতৃৰ। নিমিষতে থানবান হৈ গল সকলো।
ঘটনা অনুসৰি বিহাৰৰ কাটিহাৰাৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে আহি কাহিলীপুৱা ডিব্ৰুগড়ৰ বানীপুৰ ৰে’ল ষ্টেচনত নামিল এটি ৭ বছৰীয়া শিশু ৪ জনীয়া এটা পৰিয়াল। বানীপুৰ ৰে’ল ষ্টেচনতে অপেক্ষা কৰিলে বিহাৰৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হোৱা পৰিয়ালটোৱে। সেই সময়ত কুঁৱলী পৰিছিল।
পৰিয়ালটোক ঘৰলৈ আগবঢ়াই নিবলৈ তিনিচুকীয়াৰ বৰডুবিৰ পৰা ডিব্ৰুগড়ৰ বানীপুৰ ষ্টেচনলৈ আহি আহিছিল মোহন শ্বাহ আৰু মণ্টু শ্বাহ। ১৬ নবেম্বৰত মোহন শ্বাহৰ কন্যাৰ বিয়া। বিয়ালৈ বিহাৰৰ কাটিহাৰাৰ পৰা আহিছিল মোহন শ্বাহৰ ভায়েক আৰু তেওঁৰ পৰিয়াল।
প্ৰায় ৪৫ মিনিটৰ পিছত তিনিচুকীয়াৰ পৰা মোহন শ্বাহৰ গাড়ীখন উপস্থিত হ’ল বানীপুৰ ৰে’ল ষ্টেচনত। বিহাৰৰ পৰা অহা ৰাজেশ গুপ্তাৰ পৰিয়ালটো গাড়ীত লৈ বৰডুবিৰ ঘৰখনলৈ যাত্ৰা আৰম্ভ কৰিলে মোহন শ্বাহ আৰু মণ্টু শ্বাহে।
তেতিয়া পুৱা ৫ বাজিছে। বাহনখন পানীতোলাৰ গোবিন্দপুৰত উপস্থিত হ’ল। গোবিন্দপুৰত এখন দলং নিৰ্মাণৰ কাম চলি আছিল। হঠাৎ দলং খনত খুন্দা লাগি দ খাৱৈত পৰি যায় বাহনখন। ঘন কুঁৱলীৰ বাবে চালকৰ আসনত থকা মণ্টু শ্বাহে মনিব পৰা নাছিল পথছোৱা।
জানিব পৰা মতে নিৰ্মীয়মান দলংখনৰ পোৱাৰ আগে আগে নাছিল Diversionৰ কোনো সাংকেতিক চিহ্ন। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱালে মোহন শ্বাহ, ৰাজেশ গুপ্তা, মণ্টু শ্বাহ আৰু আৰু ৭ বছৰীয়া শিশু অৰ্থ গুপ্তাই। লগে লগে স্থানীয় ৰাইজ নামি পৰিল উদ্ধাৰ অভিযানত। অতি গুৰুতৰভাৱে আহত ৰাজেশ গুপ্তাৰ পত্নী আৰু কন্যাক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
এই দুৰ্ঘটনাই নিমিষতে থানবান কৰি পেলালে দুটাকৈ পৰিয়াল। চৰণে জানে মৰণৰ ঠাই। মৃত্যুক আঁকোৱালি লবলৈকে যেন বিহাৰৰ পৰা আহিছিল ৰাজেশ গুপ্তাৰ পৰিয়াল। মোহন শ্বাহৰ তিনিচুকীয়াৰ বৰডুবিৰ ঘৰখনত এতিয়া এক শোকাকুল পৰিৱেশ। বিহাৰৰ ঘৰতো শোকৰ পৰিৱেশ। কোনেও কাৰো মুখলৈ চাব পৰা নাই.... দুখত ভাগি পৰিছে সকলো।
Leave A Comment