- দিলীপ চন্দ্ৰ দিহিঙীয়া
হাতী মানুহৰ সংঘাতৰ দৈনিক ন-ন ঘটনা পোহৰলৈ আহে৷ এই সংঘাত হ্ৰাস কৰিবৰ বাবে এটি প্ৰয়াস ভুক্তভোগী ৰাইজলৈ আগবঢ়ালো৷ সকলো প্ৰাণীয়েই কোনোবা নহয় কোনোবা প্ৰাণীলৈ ভয় কৰে৷ এনে এটি প্ৰাণী হ’ল ঘোঁৰা৷ ঘোঁৰালৈ হাতীয়ে বহুত ভয় কৰে৷ ১৯৭৫ চনৰ পৰা ১৯৮৫ চনৰ ভিতৰত পোৱা এটি অভিজ্ঞতাৰ বিষয়ে সময় উপযোগী হোৱা বাবে প্ৰকাশ কৰিব বিচাৰিছো৷ সেই সময়ত আমাৰ মগৰাহাট অঞ্চলত কেইবাজনো মানুহে উপাৰ্জনৰ বাবে হাতী পুহিছিল। তেতিয়া বিদ্যালয় বিলাক ১০ বজাৰ পৰা ৩ বজালৈ বহিছিল৷ আমি বিদ্যালয়লৈ যোৱাৰ আগত হাতীত উঠি গাঁৱে গাঁৱে ভীম কলৰ পাত, চেয়া গছৰ পাত আদি হাতীৰ পিঠিত বোজাই কৰি হাতীৰ খাদ্যৰ কাৰণে আনিছিলো৷ ঠিক সেইদৰে পিছবেলা ভীমকলৰ গছ ৰাতি খাবৰ বাবে আনিছিলো৷একে সময়তে অঞ্চলৰ কেইবাজনো ব্যৱসায়ীয়ে ঘোঁৰাৰ পিঠিত বোজাই কঢ়িয়াবলৈ আৰু ঘোঁৰাগাড়ী টানিবলৈ ঘোঁৰা পুহিছিল৷ বত’মান মালবস্তু কঢ়িওৱা গাড়ীয়ে সেইবোৰ স্থান অধিকাৰ কৰিছে৷
এতিয়া আচল কথালৈ আহোঁ হাতীয়ে যদি কেনেবাকৈ ঘোঁৰা দেখা পায়, ঘোঁৰাৰ খোজৰ শব্দ শুনা পায়,ঘোঁৰাৰ মাত অথাৎ হাঁহি অথবা ঘোঁৰাৰ গোবৰৰ গোন্ধ পায়,তেতিয়া হাতীটোৱে তৎমুহূৰ্ততে চক ধৰে , হাগী,মুতি ,চিঞৰি পিঠিত থকা বোজাই, মাউত আদি পেলাই হাবিলৈ ভিৰাই লৰ মাৰে৷ অসম্ভৱ ধৰণে ভয় কৰি কঁপিবলৈ ধৰে৷ সহজে মাউতক ধৰিবলৈ নিদিয়ে৷ চুক- চুকাই বহুত মৰম কৰাৰ পিছতহে ধৰিব পাৰে৷
হাতী -মানুহৰ সংঘাতৰ বাতৰি প্ৰকাশ পালেই এই কথাবোৰ মোৰ মনলৈ আহে৷ সেয়েহে প্ৰকাশ কৰিব বিচাৰিছো৷ আকৌ বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায়, আগৰ দিনত ৰজা-মহাৰজা বিলাকে যুদ্ধ কৰিবলৈ হাতী আৰু ঘোঁৰা ব্যৱহাৰ কৰিছিল৷ যুদ্ধত আগে আগে হাতী আগুৱাই আৰু পিছে পিছে ঘোঁৰা দৌৰাই৷ তেতিয়া হাতীয়ে ঘোঁৰালৈ ভয় কৰি যেনি -তেনি পলাবলৈ ধৰে ফলত বহুত সৈন্য হাতীৰ গচকত মৰে৷ আকৌ বিজ্ঞান অধ্যয়ন কৰিলে দেখা যায় ,যিবোৰ বনাঞ্চলত ঘোঁৰা থাকে সেইবোৰ বনাঞ্চলত হাতী পোৱা নাযায়৷ উদাহৰণ স্বৰুপে অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বন-ঘৰচীয়া ঘোঁৰা পোৱা যায় বাবে তাত হাতী পোৱা নাযায়৷ অন্যহাতে উদ্ভিদকুল আৰু প্ৰাণীকুলে পাৰিপাৰ্শ্বিকতাত প্ৰভাৱ পেলায়৷ এটি প্ৰাণী কমি গ’লে আৰু অন্য এটা প্ৰাণী বাঢ়ি গলে, বাঢ়ি যোৱা প্ৰাণীটোৱে প্ৰভাৱ বিস্তাৰ কৰে৷ বৰ্তমান যান্ত্ৰিক যুগত ঘোঁৰা হ্ৰাস পাইছে৷ অন্যহাতে বনাঞ্চলত হাতীৰ চিকাৰ বন্ধ ৰখাৰ বাবে হাতী দিনক দিনে বৃদ্ধি পাইছে৷ সেয়ে মই ক’ব বিচাৰো -
১) যিবোৰ অঞ্চলত হাতী বিচৰণ কৰে, তেনে অঞ্চলত হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ ঘোঁৰা পুহিব লাগে৷
২) হাতী অহাৰ পথত দৌৰি থকা ঘোঁৰাৰ প্ৰতিমূৰ্ত্তি বনাই উচ্চ প্ৰাৱল্যৰ বিদ্যুতিক যন্ত্ৰৰ জৰিয়তে ঘোঁৰাৰ হাঁহি আৰু খোজৰ শব্দ শুনাব লাগে৷
৩) ৰাস্তাত যদি গাড়ী আগুচি ধৰে তেন্তে ঘোঁৰাৰ মাত অথাৎ হাঁহি আৰু খোজৰ শব্দ থকা হণ’(horn )বজাব লাগে৷ লগতে গাড়ীত দৌৰি থকা ঘোঁৰাৰ ছবি অংকন কৰি লব লাগে৷ তেতিয়া হাতীয়ে ভয় খাই ৰাস্তা এৰি গগন ফলা চিঞৰে হাবিলৈ দৌৰি পলাব৷
৪) এটা হাতীৰ জাক খেদিবলৈ বন্দুকৰ গুলিতকৈও এটা ঘোঁৰা অধিক শক্তিশালী৷ হাতীৰ জাকটোৰ পিছে পিছে যদি এটা ঘোঁৰা দৌৰাই দিয়া হয় ,তেতিয়া হাতীৰ জাকটো তাতলিকে তাৰ পৰা আঁতৰি যাব৷লগতে ঘোঁৰাৰ হাঁহি আৰু খোজৰ শব্দযুক্ত হণ’ বজাব লাগে.
৫) হাতী খেদিবলৈ উচ্চ প্ৰাৱল্যৰ ঘোঁৰাৰ হাঁহি আৰু খোজৰ শব্দযুক্ত ৰেকডিং বা মিউজিক বজালে হাতী সহজে পলাব৷
৬) হাতী অহাৰ পথত ঘোঁৰাৰ গোবৰ ছটিয়াইও হাতীক বাধা দিব পাৰি।
সেয়েহে এই কেইটাই মোৰ প্ৰয়াস৷ যিবোৰ স্থানত হাতী-মানুহৰ সংঘাত হৈ থাকে তেনে অঞ্চলৰ মানুহে বা বন বিভাগে এই প্ৰয়াস কেইটা কায্যকৰি কৰিলে নিশ্চয় সুফল পাব বুলি আমাৰ দৃঢ় বিশ্বাস৷
দূৰভাষ- ৬০০১০৭৩২৪৩
Leave A Comment