• ট্ৰেডিং কেলেংকাৰী অভিযুক্ত ভাস্কৰ বৰুৱাক গোলাঘাট আদালতলৈ প্ৰেৰণ দেৰগাঁও আৰক্ষীৰ

    আঞ্চলিক
    ট্ৰেডিং কেলেংকাৰী অভিযুক্ত ভাস্কৰ বৰুৱাক গোলাঘাট আদালতলৈ প্ৰেৰণ দেৰগাঁও আৰক্ষীৰ
    ডিজিটেল ডেস্ক: দেৰগাঁও ট্ৰেডিং কেলেংকাৰী অভিযুক্ত ভাস্কৰ বৰুৱাক গোলাঘাট আদালতলৈ প্ৰেৰণ দেৰগাঁও আৰক্ষীৰ ।

    দেৰগাঁও আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰীত জড়িত দেৰগাঁৱৰ ভাস্কৰ বৰুৱা। ট্ৰেডিঙৰ নামত কেইবাকোটি টকা লুণ্ঠন কৰাৰ অভিযোগ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে। ৰুজু হৈ আছিল দেৰগাঁও থানাত গোচৰ। 

    দেৰগাঁও আৰক্ষীয়ে ভাস্কৰক আটক কৰি অব্যাহত ৰাখিছে জেৰা। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে কলিকতাৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত দেৰগাঁও আৰক্ষী আৰু কলিকতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

    আজি পুৱা ভাস্কৰ বৰুৱা দেৰগাঁও আৰক্ষী থানাত উপস্থিত হয়৷ দেৰগাঁও আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীত জড়িত ভাস্কৰ বৰুৱাক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰি গোলাঘাট আদালতলৈ প্ৰেৰণ কৰিছে।