ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত এজন অসমীয়া মানুহৰ ৰহস্যজনক মৃত্যু। পশ্চিমবংগত অসমীয়া লোকৰ ৰহস্যজনক মৃত্যু ।
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল কটা মুণ্ডন । নগাঁও কন্দলী কমাৰপাৰৰ ৰূপজ্যোতি খাগলাৰি নামৰ লোক জনৰ কটা মুণ্ডন উদ্ধাৰ ।
পেটৰ তাড়নাত বহিঃৰাজ্যত কাম বিচাৰি তিনি বন্ধুৰ লগত গৈছিল ৰূপজ্যোতি ।
অসুস্থ বন্ধুক চিকিৎসালয়ত ভৰ্তি কৰি ঔষধ কিনিবলৈ আহি নিৰুদ্দেশ হৈ পৰে ৰূপজ্যোতি।
নিৰুদ্দেশ ৰূপজ্যোতিক নৃসংশ হত্যা ।
আৰ্থিক দুৰৱস্থাৰ বাবে মৃত ৰূপজ্যোতি ওচৰলৈ যাব পৰা নাই পৰিয়ালৰ লোক।
দুই কন্যা সন্তানৰ পিতৃ ৰূপজ্যোতি খাগলাৰিৰ মৃত্যুত সমগ্ৰ গাঁওখনতে পৰিছে শোকৰ ছাঁ । স্বামীক হেৰুৱাই কান্দোনত ভাঙি পৰিছে পত্নী।
Leave A Comment