• মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক আতিথ্য; তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ কঁপিল গুৱাহাটী

    আঞ্চলিক
    মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক আতিথ্য; তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ কঁপিল গুৱাহাটী
    ডিজিটেল ডেস্ক: সম্প্ৰতি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী হৈ পৰিছে মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰ৷ দেশৰ ৰাজনীতিৰ সবাতোকৈ চৰ্চিত বিষয় মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ প্ৰতিমুহূৰ্তৰ গতিবিধিৰ বাবে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছে গুৱাহাটীত৷ গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতিছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ ৪৯গৰাকী বিদ্ৰোহী বিধায়কে৷ উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰি একনাথ সিন্দেৰ নেতৃত্বত মিলিত হৈছে ইজনৰ পাছত সিজন বিধায়ক৷ 

    আৰু, গুৱাহাটীৰ হোটেলত শিৱসেনা বিদ্ৰোহীক আতিথ্য দিয়াৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে আজি সাব্যস্ত কৰে প্ৰতিবাদ৷

    শিৱসেনাৰ বিদ্ৰোহীসকলে থকা গুৱাহাটীৰ হোটেলখনৰ বাহিৰত আজি পুৱা তৃণমূল কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ নেতৃত্ব দিয়ে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। প্ৰতিবাদৰ সময়ত বহুসংখ্যক আৰক্ষী আৰু সুৰক্ষাকৰ্মীয়ে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ 

    তৃণমূল কংগ্ৰেছে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনত বৃহৎ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ দুখ দূৰ কৰিবলৈ একো পদক্ষেপ গ্ৰহণ কৰা নাছিল। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বাঢ়নী পানীৰ ফলত হোৱা বানৰ ফলত ৫৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মে’ মাহৰ পৰা, বানত ৮৯ গৰাকী লোকৰ মৃত্যু হৈছে।

    বিজেপিয়ে আনুষ্ঠানিকভাৱে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সৈতে দলটোৰ কোনো সম্পৰ্ক নাই বুলি কৈ আহিছে আৰু সেয়া শিৱসেনাৰ এটা আভ্যন্তৰীণ সমস্যা বুলি উল্লেখ কৰিছে৷
    বিজেপিয়ে বাহিৰত নিজৰ দূৰত্ব ৰাখিছে যদিও সোমবাৰে নিশা প্ৰথমবাৰ মুম্বাইৰ পৰা অহাৰ পাছৰে পৰা বিদ্ৰোহী বিধায়কসকলক আতিথ্য দিছে।

    একনাথ সিন্দে আৰু তেওঁৰ গোটটো প্ৰথমে বিজেপি শাসিত গুজৰাটৰ চুৰাটলৈ স্থানান্তৰিত হৈছিল। তেওঁলোকক মঙলবাৰে নিশা বিজেপি শাসিত আন এখন ৰাজ্য অসমলৈ বিশেষ বিমানেৰে লৈ অনা হৈছিল আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ দ্বাৰা তেওঁলোকক গুৱাহাটীৰ ৰেডিচন ব্লু হোটেললৈ লৈ যোৱা হৈছিল।