ডিজিটেল ডেস্ক: বছৰৰ শেষ মাহটোত সকলোৱে কোনো পৰ্যটনস্থলী বা বনভোজ থলিত গৈ একেলগে এসাঁজ খোৱাৰ আনন্দই সুকীয়৷ শেহতীয়াকৈ বনভোজৰ আনন্দ ল’বলৈ যোৱা বনভোজৰ দলৰ মাজত অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ খবৰ পোহৰলৈ আহিছে৷
প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাটৰ ৰঙাজানত বনভোজ খাবলৈ গৈ কাজিয়াত লিপ্ত হৈছে বনভোজৰ দল। মাৰপিটৰ লগতে গুলী চালনা হোৱা বুলিও জানিব পৰা গৈছে।
ঘটানাক্ৰম অনুসৰি সঞ্জীৱ গগৈ সহ তেওঁৰ সতীৰ্থৰ এটা দলে ৰঙাজান নপমুৱা অঞ্চলৰ ধনশিৰি নদীৰ পাৰত বনভোজ খাবলৈ গৈছিল। বনভোজ স্থলীৰ সমীপৰ কৃষি ফাৰ্মৰ স্বত্বাধিকাৰ সমীৰণ গোস্বামী সহ শ্ৰমিক ৱাহিদুৰ আলি,কাচিম আলি,জেভেদুৰ আলি,গুলনাহাৰ বেগম,মুজিদা খাটুনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ লগতে সঞ্জীৱ গগৈ নামৰ ব্যক্তিজনে গুলী চালনা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
সঞ্জীৱ গগৈৰ গুণ্ডা বাহিনীৰ আক্ৰমণত স্বত্বাধিকাৰ আৰু শ্ৰমিকসকল চিকিৎসাধীন হ’ব লগীয় হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইপিনে বিধায়ক বিশ্বজিৎ ফুকনে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন সকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয়। ঘটনাৰ পাছতে অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।
Leave A Comment