ডিজিটেল ডেস্ক: ১৫ নৱেম্বৰত গুৱাহাটীত পানবজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাৰ ওপৰত আক্ৰমণ কৰা ঘটনাই সম্প্ৰতি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।শেহতীয়া খবৰ অনুসৰি ঘটানাৰ পাছতে নিলম্বিত হোৱা আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে ভুক্তভোগী যুৱক গৰাকীয়ে অৱশেষত এজাহাৰ দাখিল কৰে।
ভুক্তভোগীৰ লগতে হিমাংশু গগৈ, পলাশ ৰঞ্জন শৰ্মা নামৰ দুজন ব্যক্তিয়েও বষয়া গৰাকীৰ ওপৰত গোচৰ তৰিছিল৷ ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ থানাত ৩২৫/২০২৪ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷
উল্লেখযোগ্য যে বৰবৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কেৱল আক্ৰমণৰ কাণ্ডতে সীমাবদ্ধ নহয়। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়াজনৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
পত্ৰখনত অসমত অনুসূচিত জাতি(SC)ৰ ওপৰত বৰ্ধিত আক্রমণক লৈ উদ্বেগ প্ৰকাশ কৰি কোৱা হৈছে যে এনে কার্যক সাধাৰণ জনতাক নিৰ্জাতনৰ অংশ বুলি উল্লেখ কৰে আৰু ১৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত অসমৰ ৰাজধানী গুৱাহাটীৰ ফেন্সি বজাৰ অঞ্চলৰ ৰাজহুৱা স্থানত আৰক্ষী বিষয়াই এজন অনুসূচিত জাতি যুৱকক হত্যা কৰাৰ চেষ্টা চলাইছিল বুলি উল্লেখ কৰে আৰু ৰাজ্যত অনুসূচিত জাতি সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন বাঢ়ি আহিছে বুলিও উল্লেখ কৰে পত্ৰখনত৷
পত্ৰখনত আৰক্ষী বষয়া গৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি সেৱাৰ পৰা বৰ্খাস্ত কৰাৰ আহ্বান জনোৱাৰ লগতে অসম চৰকাৰক তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিবলৈও আহ্বান জনোৱা হৈছে।
পত্ৰখনত সুকীয়া এটা কাণ্ড, ১ নৱেম্বৰত নগাঁৱত দুলু দাস নামৰ এগৰাকী ৭০ বছৰীয়া অনুসূচিত জাতিৰ মহিলাক আৰক্ষীৰ লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি এসপ্তাহৰো অধিক সময় চিকিৎসালয়ত ভৰ্তি হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷
এই ঘটনা দুটাৰ সন্দৰ্ভত সংশ্লিষ্ট বিভাগে সোনকালে হস্তক্ষেপ কৰিবলৈ দাবী জনায়।লগতে পত্ৰখনত চৰকাৰে কিয় অনুসূচিত জাতি জনগোষ্ঠীৰ লোকক সুৰক্ষা দিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে৷
Leave A Comment