ডিজিটেল ডেস্ক : গুৱাহাটীত হৈ থকা নেৰানেপেৰা বৰষুণে জনসাধাৰণৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাইছে। ঠায়ে ঠায়ে হৈছে কৃত্ৰিম বান। বৰষুণ কমিলেও বান কমা নাই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত।গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি দুপৰীয়া ১ বজাত সদৰি কৰিছে শেহতীয়া আপডেট।
গুৱাহাটী মহানগৰীত আজি সৰ্বোচ্চ তাপমাত্ৰা ৩০° চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৪° চেলছিয়াছ।
আজি গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব। গুৱাহাটীৰ বিভিন্ন অঞ্চল আৰু ৰাজপথ এতিয়া পানীৰ তলত। যমৰ যাতনা ভুগিবলগীয়া হৈছে কৃত্ৰিম বানত আক্ৰান্ত অঞ্চলসমূহৰ বাসিন্দাসকলে।আজি পুৱাৰ ভাগত ৰ’দ ওলাইছিল যদিও পুনৰ গুৱাহাটীত আৰম্ভ হৈছে বৰষুণ।
শেহতীয়া আপডেট অনুসৰি, আজি গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব।গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত বিজুলী গাজনিসহ দুই এজাক বৰষুণ হ’ব পাৰে।
Leave A Comment