ৰাজ্যত এইবাৰ বানে কালৰূৰ ধাৰণ কৰিলে। বিশেষকৈ এইবাৰ নামনি অসম, মধ্য অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাত বানে গুৰুতৰ ৰূপ ধাৰণ কৰিলে। কিন্তু এতিয়া বান গল, এতিয়া চৰকাৰৰ কৰণীয়া কি হব। কেৱল সাহাৰ্য বিতৰণ কৰিয়েই চৰকাৰে তেওঁলোকৰ দায়িত্ব সামৰিব নেকি। যদি সেইয়া কৰে, তেনেহলে অসমৰ বানপানী সমস্যৰ স্থায়ী সমাধান যে কেতিয়াও নোলাব সেইয়া নিশ্চিত।
ৰাজ্যখনত এই বছৰৰ বান পানী আৰু ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোকৰ মুঠ সংখ্যা এতিয়া ১৩০ লৈ বৃদ্ধি পাইছে। লগতে প্ৰকাশ পাইছে যে বজালী, বাক্সা, বৰপেটা, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা, তামুলপুৰ আৰু ওদালগুৰি জিলাত বানপানীৰ ফলত ২২,২১,৫০০ ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।
কিন্তু এতিয়া বান গল, এতিয়া চৰকাৰৰ কৰণীয়া কি হব। কেৱল সাহাৰ্য বিতৰণ কৰিয়েই চৰকাৰে তেওঁলোকৰ দায়িত্ব সামৰিব নেকি। যদি সেইয়া কৰে, তেনেহলে অসমৰ বানপানী সমস্যৰ স্থায়ী সমাধান যে কেতিয়াও নোলাব সেইয়া নিশ্চিত। গতিকে এতিয়া চৰকাৰে সকলো সুদূৰপ্ৰসাৰী পদক্ষেপ লব লাগে যাতে বানপানী ক্ষেত্ৰত অসমে জাতি, মাটি, ভেটি ৰক্ষা কৰিব বিচৰা চৰকাৰৰ পৰা বাস্তৱিকতে চৰকাৰৰখনৰ পৰা কিবা এটা পায়। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বান সমস্যা নিয়ন্তণৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও বান সমস্যা নিৰ্মূল কৰিব পৰা নাই। চৰকাৰৰ বান প্রতিৰোধৰ যিবোৰ নীতি আছে সেই নীতি যথেষ্ট আসৌৱাহপূৰ্ণ। পৰিকল্পিতভাৱে বানপানী সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ চেষ্টা কৰা নাই। বান প্ৰতিৰোধৰ বাবে চৰকাৰে বছৰি কেইবা কোটি টকা খৰচ কৰে যদিও বিভাগীয় কৰ্তৃপক্ষৰ অদূৰদৰ্শী নীতি আৰু হেমহি। তথা ফাঁকিমৰা ব্যৱস্থাৰ বাবে আজিও গৰাখহনীয়া হৈ আছে।
মাত্ৰ ৬০ মেগাৱাটৰ কুৰিশ্বু নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত বজালী, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁওঁ আদি জিলাত যি জলপ্ৰলয়ৰ সৃষ্টি হৈছে - তাক লৈ এতিয়া আমি সকলোৱে ভুক্তভোগী ৷এই মুহূৰ্তলৈকে বহুতে নজনা খবৰটো হ’ল - ভূটানত আৰু ৩২০০০ মেগাৱাট বিদ্যুত উৎপাদনৰ বাবে নতুন নতুন প্ৰকল্পৰ নিৰ্মাণ চলি আছে ৷ ভূটানৰ পৰা নামি অহা প্ৰতিটো নদীতে নতুন নতুন জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ চলি আছে ৷ এই সকলো প্ৰকল্পৰ নিৰ্মাণ ভাৰত চৰকাৰৰ অৰ্থ সাহায্যৰে চলি আছে , যদি এই বান্ধ ভাঙি যায় তেনেহলে আগন্তুক দিনত অসমৰ কি পৰিস্থিতি হব সেইয়া কল্পনাও অতীত, এইক্ষেত্ৰত চৰকাৰে যদি পৰিকল্পিতভাৱে পদক্ষেপ গ্ৰহণ কৰা উচিত।
দীৰ্ঘদিন ধৰি অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ ৰাইজে দাবী জনাই আহিছে।
সেই দাবী কোনো এখন চৰকাৰেই গুৰুত্ব সহকাৰে লোৱা নাই। নিৰ্বাচনৰ আগত অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিও মূৰ পুলোকা মাৰিলে বিজেপিয়ে। শাসনত থকা সময়ত এই কথালৈ কৰ্ণপাতেই নকৰিলে কংগ্ৰেছে।
বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যক সহায়ৰ হাত আগবঢ়ায়। এন ডি আৰ এফ বা এছ ডি আৰ এফৰ ধন এই দুৰ্যোগৰ মুহূৰ্তত ব্যয় কৰা হয়। নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ ক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিত (এছ ডি আৰ এফ)ৰ শিতানৰ ধন কৰ্তন কৰাৰহে অভিযোগ আছে। এই ধন অসমৰ প্ৰাপ্য ধন আছিল। ইফালে, ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ (এন ডি আৰ এফ)ৰ ধন মুকলি কৰাৰ ক্ষেত্ৰতো অসমৰ প্ৰতি গুৰুত্ব নাই কেন্দ্ৰীয় চৰকাৰৰ।
Leave A Comment