ডিজিটেল ডেস্কঃ মোৰ মৃত্যুৰ কাৰণ মোৰ স্বামী হজৰত আলী৷ তোমালোকে তেওঁক শাস্তি দিবা৷ চাঞ্চল্যকৰ ছুইচাইড নোট লিখি নৱ বিবাহিতা বোৱাৰীৰ আত্মহত্যা। মাত্ৰ ৫ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী।
স্বামী হজৰত আলীৰ সৈতে আৰু সংসাৰ নকৰোঁ বুলি কৈ পিতৃগৃহলৈ গুচি আহিছিল বোৱাৰীগৰাকী৷ ছুইচাইড নোটত হজৰত আলীক দোষ জাপি দি চৰম সিদ্ধান্ত ললে বোৱাৰীগৰাকীয়ে।
দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ এলেকাধীন কাছাৰিপাম গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ উল্লেখ্য যে বুধবাৰে আবেলি চিপ লৈ নিজকে শেষ কৰি দিলে নৱবিবাহিতা আকিৰন নেছা নামৰ বোৱাৰীগৰাকীয়ে।
পাঁচমাহ পূৰ্বে ৰাঙাপানীৰ হজৰত আলীৰ সৈতে সামাজিক ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হৈছিল আকিৰন নেছাৰ৷ তাৰ পিচতে হঠাৎ স্বামীৰ সৈতে সংসাৰ নকৰাৰ সিদ্ধান্ত লৈছিল আকিৰনে।
তেনে তৰ্ক-বিতৰ্ক চলি থকাৰ মাজতে নিজ পিতৃগৃহত নিজকে শেষ কৰি দিয়ে নৱবিবাহিতা আকিৰন নেছাই৷ ইপিনে সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।
বোৱাৰীগৰাকীক ভিডিঅৰ জৰিয়তে ব্লেকমেইল কৰাৰ কথা ছুইচাইট নোটত উল্লেখ কৰিছে আকিৰনে৷ সম্প্ৰতি সোণতলী আৰক্ষীয়ে ছুইচাইট নোটখন উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷
Leave A Comment