ডিজিটেল ডেস্কঃ জিভা বেঁকা কৰি বিশ্ব অভিলেখ গঢ়িলে এগৰাকী কণমানিয়ে। নিষ্ঠা আৰু অধ্যৱসায়ে সকলো বয়সৰ ব্যক্তিৰ বাবে প্ৰেৰণা হিচাপে কাম কৰে, যিয়ে প্ৰমাণ কৰে যে বয়স সফলতা লাভৰ ক্ষেত্ৰত কোনো বাধা নহয়।
বিশ্ব অভিলেখ অৰ্জন কৰাটো কোনো সহজ কৃতিত্ব নহয় আৰু সফল হ’বলৈ ইয়াৰ বাবে নিষ্ঠা, অনুশীলন আৰু শক্তিশালী ইচ্ছাশক্তিৰ প্ৰয়োজন।
আৰু এই কাৰ্য কৰি দেখুৱালে বিশ্বনাথৰ মধ্যমপাৰাৰ সানৱী আগৰৱালাই। সৰ্বাধিক সময় জিভা বেঁকা কৰি বিশ্ব অভিলেখ গঢ়িলে ৮ বছৰীয়া সানৱীয়ে।
১ মিনিট ০৮ ছেকেণ্ড জিভা ভাঁজ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা সানৱীয়ে ৱৰ্ল্ডৱাইড বুক অৱ ৰেকৰ্ডছত স্থান অৰ্জন কৰে। ইমান দীঘলীয়া সময়ৰ বাবে জিভা বেঁকা কৰাৰ অসাধাৰণ ক্ষমতাৰে সানৱী আগৰৱালাই অভিলেখ ভংগ কৰাই নহয় আনৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে।
Leave A Comment