ডিজিটেল ডেস্কঃ গুৱাহাটীৰ লখৰা উৰণ সেতুত দুৰন্ত গতিত বাইক চলাই উৰন্ত চুমা খাই ছ’চিয়েল মিডিয়াত ভাইৰেল হ'ল এহাল পুৰুষ-মহিলা। ৰাতিটোৰ ভিতৰতে এই কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰে।
তদন্তত গম পোৱা গল যে উৰণ সেতুত দুষ্কাৰ্য কৰা দুয়োগৰাকী সম্পৰ্কত নবৌয়েক-দেওৰেক।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত তৎপৰ গুৱাহাটী আৰক্ষী। চলন্ত বাইকত বৌৱেকৰ চুমা লৈ থকা দেওৰেক বিজয় মুণ্ডাক আৰক্ষীয়ে আটক কৰিছে। বিজয় মুণ্ডাৰ বাইকত পিছফালে ঠিয় হৈ হাউলি চুমা দিছিল বৌৱেকে। AS 12 A J 6025 নম্বৰৰ দুচকীয়া বাহনত নিশা চুমা খাই বাইক ষ্টাণ্ট কৰি দুয়ো ঘুৰি ফুৰিছিল ৰাষ্ট্ৰীয় ঘাইপথত।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই ডিব্ৰুগড় পথ সুৰক্ষা পৰ্যালোচনা বৈঠক মিলিত হৈ উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে দিয়ে কঠোৰ নিৰ্দেশনা। লগ-লগে আৰক্ষীয়ে ভাইৰেল ভিডিঅ’ৰ আঁত বিচাৰি বিজয় মুণ্ডাক আটক কৰে। উল্লেখ্য যে বিজয় মুণ্ডা চলাই যোৱা বাইকখনৰ গৰাকী হৈছে ৰাকেশ মণ্ডল নামৰ এজন যুৱক। আৰক্ষীয়ে প্ৰথমে ৰাকেশক আটক কৰিছিল। ৰাকেশক সোধা-পোচা কৰি পাছত বিজয় মুণ্ডাক আটক কৰে।
বিজয় মুণ্ডাৰ ঘৰ নগাঁৱত। পামহিৰ পৰা বিজয়ক গ্ৰেপ্তাৰ কৰে গড়চুক যান-বাহন আৰক্ষীয়ে।
বিজয় মুণ্ডাক আটক কৰাৰ পিছতে মহিলাগৰাকীৰ সন্ধানত অভিযান চলায়। মহিলাগৰাকীকো আটক কৰিছে আৰক্ষীয়ে।
Leave A Comment