ডিজিটেল ডেস্কঃ পৱিত্ৰ ৰমজান মাহতে মুছলমান যুৱকৰ সৈতে ভয়ংকৰ ঘটনা ৷ড্ৰাগছ কন্টেইনাৰসহ নিৰ্জন পথাৰত ৰহস্যজনকভাবে উদ্ধাৰ এগৰাকী যুৱকৰ মৃতদেহ৷
দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলীত সংঘটিত হৈছে ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা৷ উল্লেখ্য যে জোৰশিমুলী আৰক্ষী চকীৰ এলেকাধীন মহাবিৰ পথাৰৰ নিৰ্জন পথৰ কাষত পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ৷
নিৰ্জন পথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ চাৰিওফালে বিয়পি পৰাৰ লগে লগে চাবলৈ লোকে লোকাৰোণ্য হৈ পৰে মহাবীৰ পথাৰ।
পিচত স্থানীয় গাঁওবুঢ়াই জোৰশিমুলী আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে।
মৃত যুৱকজন জোৰশিমুলীৰ নছেৰ আলীৰ পুত্ৰ স্বহৰ আলী বুলি জানিব পৰা গৈছে৷
মৃত যুৱকজনৰ কাষত এটা খালী ড্ৰাগছ কন্টেইনাৰ আৰু চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ পৰাই অনুমান হৈছে অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হৈছে৷ নাইবা কোনোবা দুষ্টচক্ৰই হত্যা কৰি নিৰ্জন পথাৰত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
ইতিমধ্যে জোৰশিমুলী আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত হে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষীসূত্ৰে প্ৰকাশ পাইছে৷
Leave A Comment