• মুখ্যমন্ত্ৰীৰ ধ্বংস অনিবাৰ্য! সত্ৰাধিকাৰৰ ভাষণ বিকৃত কৰি বিজেপিৰ ৰোষত পৰিল অকালপক্ক ইউটিউবাৰ

    আঞ্চলিক
    মুখ্যমন্ত্ৰীৰ ধ্বংস অনিবাৰ্য! সত্ৰাধিকাৰৰ ভাষণ বিকৃত কৰি বিজেপিৰ ৰোষত পৰিল অকালপক্ক ইউটিউবাৰ
    ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ ব্যাপক জনপ্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি এতিয়া একাংশ ইউটিউবাৰে মিছাক সঁচা, দিনক ৰাতি বুলি প্ৰতিপন্ন কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে। তেনে অত্যুৎসাহী ইউটিবাৰে আনকি এইবাৰ সস্তীয়া জনপ্ৰিয়তা লাভৰ আশাতে  সত্ৰাধিকাৰৰ ভাষণ বিকৃত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে। শেহতীয়াকৈ মহিলা ইউটিউবাৰ এগৰাকীয়ে  সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ  ভাষণ বিকৃত কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধ্বংস অনিবাৰ্য বুলি বুজাব বিচাৰিছে। সত্ৰাধিকাৰ গৰাকীৰ ভাষণ এনেদৰে বিকৃত কৰা হৈছে যে তেওঁ যেন হিমন্ত বিশ্ব শৰ্মাৰ কথাই পোনপটীয়াকৈ কৈছে তেনে ধাৰণা হয়।

     এনেদৰে ভাষণ বিকৃত কৰা মহিলা ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰা হৈছে।  উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি পীতাম্বৰ দেৱগোস্বামীৰ  মুখেৰে  আপত্তিজনক শব্দ ব্যৱহাৰ কৰি হিন্দু ধৰ্মীয় অনুভূতিক আঘাত হনা কাৰ্যক বহুতে গৰিহণা দিছে। ইউটিউবাৰগৰাকীৰ  বিৰুদ্ধে বিজেপিৰ কাৰ্যবাহী  সদস্য তথা সদৌ অসম ভাওনা সন্মিলনৰ (গুৱাহাটী মহানগৰ সমিতিৰ) সভাপতি জয়ন্ত ডেকাই গোচৰ তৰিছে।ঘটনা সংক্ৰান্তত দিছপুৰ আৰক্ষীক আইন সংগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ডেকাই। দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ লিখা পত্ৰ খনত এনেদৰে উল্লেখ কৰা হৈছে- মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়,দিশপুৰ পুলিচ থানা, গুৱাহাটী-৬
    বিষয় : বিকৃত তথা উদ্দেশ্য প্রণোদিত উপস্থাপনেৰে ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ বিৰুদ্ধে এজাহাৰ ৷

    মহাশয়,শ্রদ্ধা গ্ৰহণ কৰিব। ওপৰত উল্লেখিত বিষয় সন্দৰ্ভত আপোনাক জনাওঁ যে সামাজিক মাধ্যম “Youtube”ত প্ৰচাৰিত এটি ভিডিঅ' আমাৰ দৃষ্টিগোচৰ হৈছে। উক্ত ভিডিঅ'টো মাজুলীৰ আউনীআটী সত্ৰৰ পৰম পূজ্যপাদ সত্ৰাধিকাৰ প্ৰভু শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী মহোদয়ৰ ভাগৱত পুথিৰ প্ৰথম অধ্যায়ৰ এটি অতি তত্বগধূৰ, শ্ৰুতিমধুৰ ব্যাখ্যা দাঙি ধৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে সত্ৰাধিকাৰ প্ৰভুগৰাকীৰ ভাষণটোক বিকৃত কৰি ভিডিঅ' প্ৰস্তুত কৰোতাজনে অসৎ উদ্দেশ্যৰে সম্পাদন কৰি তাত অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম অপ্রাসংগিকভাৱে জড়িত কৰি সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে অপমানসূচক তথা অতি আপত্তিজনক শব্দাৱলী ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও এই ভিডিঅ'টোৰ জৰিয়তে হিন্দু ধৰ্ম, পৰমপূজ্য ভাগৱত পুথি, সত্ৰ সংস্কৃতিৰ লগতে পৰমপূজ্য সত্ৰাধিকাৰ প্ৰভুগৰাকীক চৰম অপমানৰ লগতে ব্যক্তি তথা উল্লেখিত অনুষ্ঠানৰ ভামমূৰ্তিত কালিমা সানিছে, যাৰ ফলত সমগ্ৰ সমাজলৈ ইচ্ছাকৃতভাৱে ভুলবার্তা পঠিয়াই সমাজৰ ক্ষতিসাধন কৰিছে।
    গতিকে, মহোদয়ক এই এজাহাৰৰ জৰিয়তে উক্ত “Youtube” ভিডিঅ'টোৰ নিৰ্মাতা, উপস্থাপক তথা প্ৰচাৰক Youtube সামাজিক মাধ্যমটোৰ লগতে সংশ্লিষ্ট আটাইবোৰ ব্যক্তি তথা অনুষ্ঠানৰ বিৰুদ্ধে অনুসন্ধান কৰি বিহিত ব্যৱস্থা ল'বলৈ আবেদন কৰিলো।  উল্লেখ্য অসমত এতিয়া বহু অকালপক্ক ইউটিউবাৰে নিজৰ জ্ঞানৰ কথা জাহিৰ কৰিবলৈ গৈ আনকি অসমৰ ইতিহাসো বিকৃত কৰিছে। এনে ইউটিউবাৰৰ বিৰুদ্ধে সময় থাকোতেই চৰকাৰ সচেতন হ’ব লাগিব বুলি বহুতে মন্তব্য কৰিছে।