ডিজিটেল ডেস্কঃ আজি জুবিন গাৰ্গৰ জন্মদিন। শুভাকাংক্ষী-অনুৰাগীয়ে অতি আশাৰে বাট চাই থাকে এই দিনটোলৈ। ৫২ বছৰত ভৰি দিলে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। নিশা কেক কাটি জন্মদিন উদযাপন কৰিলে জুবিন গাৰ্গে। জোনালীস্থিত ষ্টুডিঅ’ত নিশাই ভিৰ কৰিলেহি শিল্পীজনৰ অজস্ৰ অনুৰাগীয়ে।
হাতে হাতে কেক লৈ আহিল অনুৰাগীসকল। জুবিন গাৰ্গে হেঁপাহেৰে কাটিলে অনুৰাগীয়ে তেওঁলৈ মৰমেৰে লৈ অনা কেক। জুবিন গাৰ্গে কেক কটাৰ পাছতেই আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগী। সকলোকে ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে। গীত গাই অনুৰাগীয়ে জুবিনক জনালে শুভেচ্ছা।
আনহাতে ছ’চিয়েল মিডিয়াতো অনুৰাগীয়ে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছাৰে ওপচাই পেলাইছে।
কে’ক কাটি জুবিন গাৰ্গে সকলোকে ধন্যবাদ জনায়। জন্মদিন উপলক্ষ্যে ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰাৰ কথাও কয় জুবিন গাৰ্গে।
সাংবাদিকৰ সন্মুখত জুবিন গাৰ্গৰ মন্তব্য, ‘‘জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী নাই। মই সদায় সামাজিক কামতে ব্যস্ত থাকোঁ। জন্মদিনতো সামাজিক কামতে ব্যস্ত থাকিম।’’
আজি প্ৰতিজন অসমীয়াই হৃদয়ৰ পৰা আশীৰ্বাদ, মৰম-শুভেচ্ছা জ্ঞাপন কৰিছে জুবিন গাৰ্গক। শিল্পীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ৰাইজে জনাইছে প্ৰাৰ্থনা।
Leave A Comment