• "এই ভেকচিনে প্ৰমাণ কৰিলে ভাৰতৰ সামৰ্থ" : প্ৰধানমন্ত্ৰী মোদী

    বিজ্ঞান আৰু প্ৰযুক্তি
    "এই ভেকচিনে প্ৰমাণ কৰিলে ভাৰতৰ সামৰ্থ" : প্ৰধানমন্ত্ৰী মোদী

    গুৱাহাটী : দেশজুৰি আজি আৰম্ভ হ’ল কৰ’নাৰ বহু প্ৰতীক্ষিত টিকাকৰণ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এই সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া৷ ভিডিঅ' কনফাৰেঞ্চেৰে সম্বোধন কৰি দেশবাসীৰ প্ৰতীক্ষাৰ আজি অন্ত পৰিল বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে৷ ‘ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰাটো জৰুৰী৷ দ্বিতীয়টো ড’জৰ পাছতে আৰম্ভ হ’ব প্ৰতিৰোধ’ এই বুলি মোদীয়ে কয়৷





    আৰু পঢ়িব পাৰিব : ৰাজ্যজুৰি আৰম্ভ কৰ’নাৰ সৰ্ববৃহৎ টিকাকৰণ প্ৰক্ৰিয়া





    মোদীৰ দাবী এই ভেকচিনে ভাৰতৰ সামৰ্থ প্ৰমাণ কৰিলে৷ দীঘলীয়াকৈ টিকাকৰণ প্ৰক্ৰিয়া চলিব বুলি মোদীয়ে ঘোষণা কৰাৰ লগতে কৰ’নাৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ দেশবাসীক আহ্বান জনায়৷ মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় তেওঁ৷ লগতে মহামাৰীৰ যুঁজত যুঁজ দিয়া সকলো ক’ভিড যোদ্ধাক ধন্যবাদ জনাই মোদীয়ে৷





    আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাম মন্দিৰলৈ আগবঢ়ালে ৫ লাখ টকা !





    ইপিনে অসমৰো ৩৩ জিলাৰ ৬৫টা কেন্দ্ৰত দিয়া হৈছে এই ছিটা৷ জিএমচিএইচত টিকাকৰণ উদ্বোধন কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷