বেংগালুৰু : পিএছএলভি-চি ৫১/অমেজোনিয়া-১ মিছনক ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰে। ব্ৰাজিলৰ অ’মেজোনিয়া-১ আৰু আন ১৮টা উপগ্ৰহক লৈ ভাৰতৰ ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপন যান পিএছএলভি চি-৫১নে দেওবাৰে মহাকাশ অভিমুখে উৎক্ষেপিত হয়।
আৰু পঢ়িব পাৰিব :স্বৰ্গদেউ চ্যুকাফাৰ বিকৃত প্ৰতিমূৰ্তি! বিভিন্নজনৰ প্ৰতিক্ৰিয়া
পুৱা ১০বাজি ২৪ মিনিটত উৎক্ষেপন কৰা হয় যানখন। উৎক্ষেপনৰ ১৮ মিনিটৰ পাছত প্ৰাথমিক উপগ্ৰহ অমেজোনিয়া-১ক কক্ষপথত সংস্থাপিত কৰাৰ সম্ভাৱনা থকাৰ কথা বিজ্ঞানীসকলে উৎক্ষেপনৰ সময়তে প্ৰকাশ কৰে। আন ১৮টা উপগ্ৰহক পৰৱৰ্তী দুঘণ্টাত কক্ষপথত সংস্থাপিত কৰা হ’ব। এই উপগ্ৰহসমূহৰ ভিতৰত চেন্নাইৰ স্পেচ কিডজ ইণ্ডিয়া উপগ্ৰহও আছে।
আৰু পঢ়িব পাৰিব :‘জাহাজ’ত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব জাতীয় পৰিষদে!
এই মহাকাশ যানৰ শীৰ্ষ পেনেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি সংলগ্ন কৰা হৈছে। মহাকাশ গৱেষণাৰ তথা অভিযানৰ দিশত প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ অভিযানৰ প্ৰতীক হিচাপে এই ছবি সন্নিৱিষ্ট কৰা হয়। তদুপৰি এছডি কাৰ্ডত সঞ্চিত শ্ৰীমদভাগৱত গীতাৰ ই-সংস্কৰণ এটাও এই পেকেজৰ অংশ হিচাপে সন্নিৱিষ্ট কৰা হৈছে।
Leave A Comment