Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
ডিজিটেল ডেস্কঃ ভাৰতে কভি'ড ১৯ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত দৈনিক নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভাৰতত এতিয়ালৈকে ৭০ কোটিৰো অধিক লোকক ক'ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিগত দিনকেইটাত দ্ৰত গতিত কভি'ড ১৯ ৰ বিৰুদ্ধে চলি থকা টিকাকৰণ অভিযানক প্ৰশংসা কৰে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই টুইটযোগে দেশৰ সকলো স্বাস্থ্যকৰ্মীক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
উল্লেখ্য যে সোমবাৰে, ভাৰতে ১.১৩ কোটিৰো অধিক পালি ভেকচিন প্ৰদান কৰিছে। যোৱা ১১টা দিনত ৩বাৰকৈ দৈনিক ১ কোটি পালি ভেকচিন প্ৰদানৰ সীমা অতিক্ৰম কৰাৰ কৃতিত্ব অৰ্জন কৰিছে দেশে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টিকাকৰণ অভিযানৰ সামগ্ৰিক বৰ্ণনা দি কয় যে ভাৰতে বিগত ৮৫ দিনত সৰ্বমুঠ ১০ কোটি পালি ভেকচিন প্ৰদান কৰে।স্বাস্থ্য বিভাগৰ এই সাফল্যই নিসন্দেহে দেশবাসীৰ বাবে কিছু আশাৰ বতৰা কড়িয়াই আনিছে।ই অনাগত দিনত দেশৰ বাবে ক'ভিডবিৰোধী ৰণখন অধিক সহজ কৰি তুলিব।
Leave A Comment