• ‘ক’ভিডৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণৰ বাবে সাজু ভাৰত’

    বিজ্ঞান আৰু প্ৰযুক্তি
    ‘ক’ভিডৰ বিৰুদ্ধে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণৰ বাবে সাজু ভাৰত’

    নতুন দিল্লী : ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে ভাৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এইকথা প্ৰকাশ কৰে। দেশৰ ড্ৰাগছ ৰেগুলেটৰে দুটাকৈ প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱাৰ এদিনৰ পাছতে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।





    আৰু পঢ়িব পাৰিব : প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত





    দেশৰ বিজ্ঞানী তথা টেকনিচিয়ানসকলক ‘মেড ইন ইণ্ডিয়া’ প্ৰতিষেধক উদ্ভাৱনৰ বাবে উচ্চ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোককক লৈ সমগ্ৰ দেশ গৰ্বিত বুলি মন্তব্য কৰে। তেওঁ কয়, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টিকাকৰণ অভিযান আৰম্ভ কৰিবলৈ ভাৰত সাজু হৈছে। আমাৰ বিজ্ঞানী তথা প্ৰযুক্তিবিদসকলৰ অৱদানক লৈ সমগ্ৰ দেশ আজি গৰ্বিত।’





    আৰু পঢ়িব পাৰিব : ভাৰত-বাংলাদেশ সীমান্তত গোপন সুৰংগ পথ!





    নেচনেল মেটৰ’লজী কনক্লেভত বিজ্ঞানীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, এই কথাটো নিশ্চিত হৈছে যে, ‘মেড ই ইণ্ডিয়া’ সামগ্ৰীসমূহ এতিয়া কেৱল বিশ্বজনীন দাবীয়েই নহয় ই বিশ্বজনীন গ্ৰহণযোগ্যতাৰো আধাৰ হৈ পৰিছে। উল্লেখ্য যে, ভাৰতত প্ৰস্তুত হোৱা কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰতিষেধকৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনাইছিল ভাৰতৰ ডিচিজিআই-এ।