• পৃথিৱী অভিমুখে ঘণ্টাত ২৫ হাজাৰ কিলোমিটাৰ গতিত আহি আছে এটা বৃহৎ গ্ৰহাণু! খুন্দা মাৰিব নেকি আমাৰ গ্ৰহক?

    বিজ্ঞান আৰু প্ৰযুক্তি
    পৃথিৱী অভিমুখে ঘণ্টাত ২৫ হাজাৰ কিলোমিটাৰ গতিত আহি আছে এটা বৃহৎ গ্ৰহাণু! খুন্দা মাৰিব নেকি আমাৰ গ্ৰহক?
    ডিজিটেল ডেস্কঃ পৃথিৱীৰ অভিমুখে আহি আছে এটা বৃহদাকাৰ গ্ৰহাণু। এই গ্ৰহাণুটো ৬৫৬ ফুট বহল। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই কয় যে চলিত মাহৰ শেষৰ ফালে পৃথিৱীৰ নিচেই কাষেদি এই গ্ৰহাণুটো পাৰ হৈ যাব। মহাকাশ বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে – ২০২৩ CL3।

    সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে নাছাই এই গ্ৰহাণুটোক পৃথিৱীৰ অতি ওচৰৰ পৰা পাৰ হোৱা গ্ৰহাণুবোৰৰ শ্ৰেণীত স্থান দিছে।

    উল্লেখ্য যে যেতিয়াই মহাকাশৰ পৰা কোনো গ্ৰহাণু পৃথিৱীৰ অতি ওচৰলৈ অহাৰ সম্ভাৱনা থাকে, তেতিয়াই নাছাই ইয়াক এই তালিকাত অন্তৰ্ভুক্ত কৰে আৰু অবিৰতভাৱে অনুসৰণ আৰু অধ্যয়ন কৰে।

    ঘণ্টাত ২৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে গতি কৰা এই গ্ৰহাণুটো ২৪ মে’ত পৃথিৱীৰ নিচেই কাষেৰে পাৰ হ’ব। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব হ’ব মাত্ৰ ৭২ লাখ কিলোমিটাৰ।

    বৰ্তমান এই গ্ৰহাণুটোক ভয় কৰাৰ কোনো কাৰণ নাই যদিও নাছাই অনুমান কৰিছে যে যদি ইমান বৃহৎ গ্ৰহাণু এটাই পৃথিৱীত তীব্ৰ বেগেৰে খুন্দা মাৰে তেন্তে ই এক বৃহৎ সংকটৰ সৃষ্টি কৰিব পাৰে।

    বিশেষজ্ঞ সকলৰ মতে পৃথিৱীৰ বিজ্ঞান-প্ৰযুক্তি এতিয়াও ইমান ডাঙৰ গ্ৰহাণুৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা নাই। সেইবাবেই নাছাই প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাত নিয়োজিত হৈছে। যাতে ভৱিষ্যতে এই ধৰণৰ গ্ৰহাণুৱে খুন্দা মৰাৰ পৰা পৃথিৱীক ৰক্ষা কৰিব পৰা যায়।