• স্কুল-কলেজৰ শিক্ষাই সকলো নে? দেশৰ ঔদ্যোগিক বিপ্লৱৰ গুৰি ধৰোতা 'ভাৰতৰ এডিছন’ জি ডি নাইডুৰ বিষয়ে জানক, প্ৰেৰণা লাভ কৰিব আপুনিও

    বিজ্ঞান আৰু প্ৰযুক্তি
    স্কুল-কলেজৰ শিক্ষাই সকলো নে? দেশৰ ঔদ্যোগিক বিপ্লৱৰ গুৰি ধৰোতা 'ভাৰতৰ এডিছন’ জি ডি নাইডুৰ বিষয়ে জানক, প্ৰেৰণা লাভ কৰিব আপুনিও
    ডিজিটেল ডেস্কঃ গোপালস্বামী দোৰাইস্বামী নাইডু ওৰফে জি ডি নাইডু। আনুষ্ঠানিক শিক্ষা নথকাকৈয়ে তেওঁ ভাৰতৰ অন্যতম সফল বিজ্ঞানী। তেওঁ ‘ভাৰতৰ এডিছন’ আৰু ‘কইম্বাটুৰৰ সম্পদ নিৰ্মাতা’ হিচাপে পৰিচিত। দেশত ঔদ্যোগিক বিপ্লৱ আৰম্ভ কৰাৰ ক্ষেত্ৰতো তেওঁৰ এক বিশেষ কৃতিত্ব আছে।

    গোপালস্বামী আছিল এজন ভাৰতীয় উদ্ভাৱক আৰু অভিযন্তা। গোপালস্বামীৰ নাম ভাৰতৰ প্ৰথমটো বৈদ্যুতিক মটৰ সৃষ্টিকে ধৰি কেইবাটাও উদ্ভাৱনৰ সৈতে জড়িত। উদ্যোগৰ বাহিৰেও কৃষি (হাইব্ৰিড ফাৰ্মিং) আৰু অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অনস্বীকাৰ্য।

    দেশৰ প্ৰথমটো বৈদ্যুতিক মটৰ সৃষ্টি কৰাৰ উপৰিও গোপালস্বামীয়ে কেৰাচিন চালিত ফেন, প্ৰজেকচন টিভি, মেকানিকেল কেলকুলেটৰ, বৈদ্যুতিক ৰেজাৰ আৰু টিকট মেচিন আদিও আৱিষ্কাৰ কৰে।

    ১৮৯৩ চনৰ ২৩ মাৰ্চত তামিলনাডুৰ কইম্বাটুৰৰ কলংগাত তেলেগু খেতিয়ক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গোপালস্বামীয়ে। জন্মৰ কেইমাহমানৰ ভিতৰতে তেওঁ মাকক হেৰুৱালে।

    গোপালস্বামীয়ে স্কুললৈ যোৱাটো একেবাৰে অপছন্দ কৰিছিল। শ্ৰেণীৰ সময়ত শিক্ষকসকলক হাৰাশাস্তি কৰাৰ বাবে বহুবাৰ শাস্তি লাভ কৰিছিল। তৃতীয় শ্ৰেণীৰ পৰাই সি স্কুললৈ যোৱা বন্ধ কৰি দিলে।

    পঢ়া-শুনা সমাপ্ত কৰি গোপালস্বামীয়ে খেতিৰ কামত দেউতাকক সহায় কৰিবলৈ আৰম্ভ কৰে। ১৬ বছৰ বয়সত তেওঁ এজন ব্ৰিটিছ বিষয়াক এথন ৰুজ মটৰবাইক দেখি আকৰ্ষিত হৈছিল। কিন্তু সেই সময়ত তেওঁৰ মটৰবাইক কিনাৰ সামৰ্থ্য নাছিল।

    মটৰবাইকৰ প্ৰতি থকা আসক্তিৰ বাবে গাঁও এৰি কইম্বাটুৰলৈ গুচি যায় গোপালস্বামী। উদ্দেশ্য বহুত টকা উপাৰ্জন কৰি বিচৰা বাইকখন কিনা। তাত প্ৰায় তিনি বছৰ হোটেলৰ শ্ৰমিক হিচাপে কাম কৰিছিল। তিনিবছৰীয়া কষ্টৰ অন্তত মটৰবাইক এখন কিনি ঘৰলৈ উভতি যাব পৰাকৈ পইচা সঞ্চয় কৰিলে।

    টকাখিনি সঞ্চয় কৰাৰ পিছত গোপালস্বামীয়ে ব্ৰিটিছ বিষয়াজনৰ সৈতে যোগাযোগ কৰি ৩০০ টকাত তেওঁৰ পৰা ৰুজ মটৰবাইকখন কিনি লয়। কিন্তু মটৰবাইকখন ঘূৰিবলৈ নিয়াৰ পৰিৱৰ্তে ইঞ্জিনৰ ডিজাইন আৰু নিৰ্মাণ পৰীক্ষা কৰিবলৈ তেওঁ ইয়াক আঁতৰাই লৈ গ’ল। মটৰ ইঞ্জিন বুজিবলৈ এয়াই আছিল গোপালস্বামীৰ প্ৰথম প্ৰয়াস।

    মটৰবাইকৰ গঠন আৰু সজ্জাৰ বিষয়ে ভালদৰে বুজি পোৱাৰ পিছত গোপালস্বামীয়ে মেকানিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কইম্বাটুৰৰ মাজমজিয়াত এটা সৰু গেৰেজো খুলিলে।

    ১৯২০ চনত গোপালস্বামীয়ে এখোজ আগুৱাই গৈ ইউনিভাৰ্চেল মটৰ চাৰ্ভিচেছ নামৰ পৰিবহণ কোম্পানী এটা আৰম্ভ কৰে। ইয়াৰ মাজতে তেওঁ এখন চাৰিচকীয়া বাহনও কিনিলে। সেই বাহনৰ সহায়ত তেওঁৰ কোম্পানীয়ে পোল্লাচীৰ পৰা পালানীলৈ যাত্ৰী পৰিবহণ আৰম্ভ কৰিছিল।

    কেইবছৰমানৰ ভিতৰতে গোপালস্বামী ইমানেই সফল হ’ল যে তেওঁৰ মালিকানাধীন কোম্পানীটো দেশৰ ভিতৰতে সৰ্ববৃহৎ যাত্ৰী পৰিবহণ কোম্পানীত পৰিণত হ’ল। পিছলৈ তেওঁ কইম্বাটুৰৰ পিলামেডুত ‘নেশ্যনেল ইলেক্ট্ৰিক ৱৰ্কছ’ নামৰ আন এটা নতুন কোম্পানী আৰম্ভ কৰে। ১৯৩৭ চনত ডি বালাসুন্দৰামে নাইডুৰ সহযোগত ভাৰতৰ প্ৰথমটো বৈদ্যুতিক মটৰ নিৰ্মাণ কৰে।

    ইয়াৰ পিছত গোপালস্বামীয়ে ইটোৰ পিছত সিটো আন বহুতো সংগঠন আৰম্ভ কৰে। ইয়াৰ ভিতৰত ইউনিভাৰ্চেল ৰেডিয়েটৰ ফেক্টৰী, গোপাল ক্লক ইণ্ডাষ্ট্ৰীজ, কইম্বাটুৰ ডিজেল প্ৰডাক্টছ, কইম্বাটুৰ ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড, কইম্বাটুৰ আৰ্মেচাৰ উইণ্ডিং ৱৰ্কছ, ইউএমএছ ৰেডিঅ’ ইণ্ডাষ্ট্ৰীজ ইয়াৰ ভিতৰত অন্যতম। বৈদ্যুতিক মটৰৰ সফলতাৰ সমান্তৰালকৈ বালাসুন্দৰামে ‘টেক্সটুল’ আৰু ‘লক্ষ্মী মেচিন ৱৰ্কছ’ও সৃষ্টি কৰিছিল।

    গোপালস্বামীয়ে ভাৰতৰ প্ৰথম আধুনিক বৈদ্যুতিক শ্বেভাৰ আৱিষ্কাৰ কৰিছিল। নাম দিয়া হৈছে 'হেইলব্ৰন'। ইয়াৰ উপৰিও তেওঁ শ্বেভিঙৰ বাবে অতি পাতল ব্লেড, কেইবাটাও কেমেৰা ডিভাইচ, ফলৰ ৰস মেচিন, ভোটিং মেচিন আৰু কেৰাচিন চালিত ফেন আৱিষ্কাৰ কৰিছিল।

    ১৯৪১ চনত গোপালস্বামীয়ে আধুনিক ৰ’ডিঅ’ আৱিষ্কাৰ কৰিছিল। তেওঁ সেই ৰেডিঅ’টো বজাৰত অতি কম দামত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল যাতে সাধাৰণ মানুহে কিনিব পাৰে। গোপালস্বামীৰ শৈশৱ দৰিদ্ৰতাত পাৰ হৈছিল। আৰু সেইবাবেই তেওঁ বজাৰত বনোৱা সকলো সামগ্ৰী কম দামত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল।

    ১৯৫২ চনত গোপালস্বামীয়ে দুখন আসনৰ পেট্ৰ’ল চালিত গাড়ী নিৰ্মাণ কৰি দেশবাসীক আপ্লুত কৰি তুলিছিল। গাড়ীখন যাতে সাধাৰণ ৰাইজৰ হাতৰ মুঠিত আহিব পাৰে, তাৰ বাবে তেওঁ মাত্ৰ ২০০০ টকাত গাড়ীখনৰ বজাৰ কৰাৰ সিদ্ধান্ত লয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে তেওঁক প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ দিবলৈ অস্বীকাৰ কৰিলে। পিছত গাড়ীখন বন্ধ কৰি দিয়া হয়।

    এজন বিশিষ্ট বিজ্ঞানী আৰু ব্যৱসায়ী হোৱাৰ উপৰিও ফটোগ্ৰাফাৰ হিচাপেও গোপালস্বামীৰ সুনাম আছিল। বহিঃৰাজ্য ভ্ৰমণৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল। আৰু বিভিন্ন ঠাইলৈ যাওঁতে তেওঁ বহু বিশিষ্ট ব্যক্তিক কেমেৰাত বন্দী কৰিছিল।

    গোপালস্বামীয়ে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসুকে ধৰি চেলিব্ৰিটিৰ ফটো তুলিছিল। গোপালস্বামীয়ে জাৰ্মানীলৈ যোৱাৰ সময়ত এডলফ হিটলাৰৰ ফটোও তুলিছিল। ১৯৩৫ চনত লণ্ডনত পঞ্চম জৰ্জৰ অন্ত্যেষ্টিক্ৰিয়াৰ ফটোও তেওঁ তুলিছিল।

    ১৯৪৪ চনৰ শেষৰ ফালে গোপালস্বামীয়ে সকলো ব্যৱসায়ৰ পৰা আঁতৰি যায়। তেওঁ নিজৰ পুত্ৰ-কন্যাৰ হাতত সংগঠনৰ দায়িত্ব অৰ্পণ কৰি শৈক্ষিক কামত বাকী থকা সময়খিনি কটাবলৈ সিদ্ধান্ত ল’লে।

    দেশৰ প্ৰথমখন পলিটেকনিক মহাবিদ্যালয় সৃষ্টিৰ কৃতিত্বও গোপালস্বামীৰ। জৱাহৰলাল নেহৰুৰ প্ৰচেষ্টাত ১৯৪৫ চনত ভাৰতৰ প্ৰথম পলিটেকনিক মহাবিদ্যালয় আৰ্থাৰ হোপ পলিটেকনিক আৰু আৰ্থাৰ হোপ অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খনৰ নামকৰণ কৰা হৈছিল তেতিয়াৰ মাদ্ৰাজৰ গৱৰ্ণৰ আৰ্থাৰ হোপৰ নামেৰে।

    পিছলৈ মহাবিদ্যালয়খনৰ নাম চৰকাৰী প্ৰযুক্তিবিদ্যা মহাবিদ্যালয় (GCT) ৰখা হয়। গোপালস্বামী নিজেই সেই মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল। কিন্তু অধ্যক্ষ পদত বহি মহাবিদ্যালয়খনৰ পৰিচালনা সন্দৰ্ভত ব্ৰিটিছ চৰকাৰৰ লগত তেওঁৰ মতানৈক্য হৈছিল। গোপালস্বামীয়ে যুক্তি দিছিল যে চাৰি বছৰ ধৰি পলিটেকনিকৰ শিক্ষা দি ছাত্ৰ-ছাত্ৰীৰ সময় নষ্ট হৈছে। যদি ইয়াৰ পৰিৱৰ্তে ডিগ্ৰী লাভৰ সময় কম কৰিব পৰা যায়, তেন্তে ছাত্ৰ-ছাত্ৰীসকলে বিদেশত কাম কৰাৰ অভিজ্ঞতা অধিক লাভ কৰিব। কিন্তু ব্ৰিটিছ চৰকাৰে তেওঁৰ কথাত সন্মতি নিদিয়াত গোপালস্বামীয়ে পদৰ পৰা পদত্যাগ কৰে।

    গোপালস্বামীয়ে ‘ঔদ্যোগিক শ্ৰমিক কল্যাণ সমিতি’ (বৰ্তমান জি ডি নাইডু চেৰিটিজ নামেৰে জনাজাত) গঠন কৰিছিল। এই প্ৰতিষ্ঠান গঠনৰ লক্ষ্য আছিল উচ্চ শিক্ষাৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ সন্নিৱিষ্ট কৰি ছাত্ৰ-ছাত্ৰীক অধিক দক্ষ কৰি তোলা। গোপালস্বামী ট্ৰাষ্টেও গৱেষণাৰ বাবে কেইবাটাও বৃত্তিৰ ব্যৱস্থা কৰিছিল।

    ভাৰতীয় বিজ্ঞানী চি ভি ৰমনে এবাৰ তেওঁৰ বিষয়ে কৈছিল, “গোপালস্বামী আছিল এজন মহান শিক্ষাবিদ, অভিযন্তা আৰু উদ্যোগী। তেওঁৰ হৃদয়খন উষ্ম প্ৰেমেৰে ভৰা। সহকৰ্মীসকলৰ প্ৰতি তেওঁৰ মমতা আছিল।’’

    ১৯৭৪ চনৰ ৪ জানুৱাৰীত তামিলনাডুত ৮০ বছৰ বয়সত মৃত্যু হয় 'ভাৰতৰ এডিচন' গোপালস্বামীৰ। তেওঁৰ মৃত্যুত তামিলনাডুকে ধৰি সমগ্ৰ দেশতে শোক প্ৰকাশ কৰে।