• ইছৰোৰ নতুন পদক্ষেপঃ মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৩৬টাকৈ উপগ্ৰহ, জেনেৰেচন-১ নেটৱৰ্ক পদ্ধতিৰ বাবে লৈছে এই পদক্ষেপ

    বিজ্ঞান আৰু প্ৰযুক্তি
    ইছৰোৰ নতুন পদক্ষেপঃ মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৩৬টাকৈ উপগ্ৰহ, জেনেৰেচন-১ নেটৱৰ্ক পদ্ধতিৰ বাবে লৈছে এই পদক্ষেপ
    ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছ’ৰৱে উল্লেখযোগ্য পদক্ষেপ হাতত ল’বলৈ আগবাঢ়িছে। অহা ২৬ মাৰ্চ তাৰিখে জেনেৰেশ্যন-১ নেটৱৰ্ক পদ্ধতিক মহাকাশৰ বুকুত সংৰোপণ কৰিবলৈ ৩৬টা উপগ্ৰহ প্ৰেৰণ হ’ব। ভাৰতীয় ৰকেট এল এম ভি-৩ৰ দ্বাৰা সম্পন্ন কৰা হ’ব এই কাৰ্য।

    এই ৩৬টা কৃ্ত্ৰিম উপগ্ৰহ নিৰ্মাণ কৰিছে ইংলেণ্ডৰ ব্ৰডবেণ্ড সেৱা কোম্পানী ৱানৱেবে৷ এইয়া হ’ব ৱানৱেবৰ অষ্টাদশ উপগ্ৰহ উৎক্ষেপন কাৰ্য৷ ইছ’ৰোৰ লন্স ভেয়িকল মাৰ্ক-৩ চমুকৈ এল এম ভি-৩য়ে এই কৃত্ৰিম উপগ্ৰহটি মহাকাশৰ বুকুলৈ কঢ়িয়াই নিব৷

    ইতিমধ্যে ইছ’ৰোয়ে জনোৱা মতে, ২৬মাৰ্চ তাৰিখে শ্ৰীহৰি কোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এল এম ভি-৩য়ে ৩৬টা কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ উৰা মাৰিব৷

    ইছ’ৰোৰ অৰ্থনৈতিক শাখা নিউস্পেছ ইণ্ডিয়া লিমিটেডে জনোৱা অনুসৰি ইছ’ৰোই ৱানৱেবৰ পৰা দুটা ভাগত ৭২টা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰাৰ বাবদ লৈছে ১,০০০কোটি টকা৷

    উল্লেখ্য যে, ২০২২ চনৰ অক্টোবৰ মাহত ইছ’ৰোই ইতিমধ্যেই ৩৬টা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছে৷