• ধ্বংস হৈ পৰিব ইণ্টাৰনেট ব্যৱস্থা! ২০২৫ চনত বলিব প্ৰচণ্ড সৌৰধুমুহা! সকিয়নী বিজ্ঞানীসকলৰ, কি কয় নাছাই?

    বিজ্ঞান আৰু প্ৰযুক্তি
    ধ্বংস হৈ পৰিব ইণ্টাৰনেট ব্যৱস্থা! ২০২৫ চনত বলিব প্ৰচণ্ড সৌৰধুমুহা! সকিয়নী বিজ্ঞানীসকলৰ, কি কয় নাছাই?
    ডিজিটেল ডেস্কঃ সূৰ্যত বলিব ধৰিছে তীব্ৰ ধুমুহা। বিজ্ঞানীসকলৰ মতে অহা দুবছৰত এই ধুমুহাৰ তীব্ৰতা বৃদ্ধি পাব। কাৰণ সৌৰচক্ৰৰ আটাইতকৈ কঠিন সময় আহিবলৈ ধৰিছে। ২০২৫ চনত সূৰ্য্যই ‘ছলাৰ মেক্সিমাম’ পৰ্যায়ত প্ৰৱেশ কৰিব। এই ১১ বছৰীয়া সৌৰচক্ৰৰ সময়ছোৱাত সূৰ্য্যৰ পৃষ্ঠভাগ আটাইতকৈ সক্ৰিয় হৈ পৰে। ২০২৪ চনৰ পৰা এই ধুমুহাৰ প্ৰাদুৰ্ভাৱ অনুভৱ কৰা হ’ব।

    ধুমুহাৰ ফলত পৃথিৱী ক্ষতিগ্ৰস্ত হ’ব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। ডিজিটেল জগত আৰু ইয়াৰ আধুনিক যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিব পাৰে!

    ইণ্টাৰনেটৰ অবিহনে এই পৃথিৱীখন এতিয়া স্থবিৰ। মহাকাশ বিশেষজ্ঞসকলে কয় যে সৌৰ ধুমুহাৰ সময়ত ইণ্টাৰনেট সেৱা সম্পূৰ্ণ অসাৰ হৈ পৰিব পাৰে। তাতোকৈ চিন্তনীয় কথাটো হ’ল আগতীয়া বিপদৰ বাবে কোনো সংকেত নাথাকিব।

    ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে এযোৰ শব্দ - ‘ইণ্টাৰনেট এপ’কেলিপছ’। সৌৰ ধুমুহা সম্পৰ্কত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই নেটিজেনসকলক ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈও সকীয়াই দিছে। ২০২৫ চনত সৌৰ ধুমুহাৰ ফলত ইণ্টাৰনেট ব্যৱস্থাটো সঁচাকৈয়ে ভাঙি পৰিব নে নাই সেই সন্দৰ্ভত তেওঁলোকে কোনো মন্তব্য কৰা নাছিল। বৰঞ্চ সংগঠনটোৱে ‘উৰাবাতৰি’ ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিছে।