• আপোনাৰ গোপনীয়তা অটুত ৰাখিবলৈ হোৱাটচাপে আনিছে নতুন ফিচাৰ- Chatlock! কি এই Chatlock? জানক

    বিজ্ঞান আৰু প্ৰযুক্তি
    আপোনাৰ গোপনীয়তা অটুত ৰাখিবলৈ হোৱাটচাপে আনিছে নতুন ফিচাৰ- Chatlock! কি এই Chatlock? জানক
    ডিজিটেল ডেস্কঃ হোৱাটচাপে আনিছে এবিধ নতুন ব্যৱস্থা- Chatlock, কিন্তু কি এই চাটলক। এই নতুন ফিচাৰে আপুনি কৰা বাৰ্তালাপসমূহ গোপনে ৰাখিব। মেটাই লৈ আহিছে হোৱাটছএপৰ এই নতুন ফিচাৰ।

    এই নতুন ফিচাৰ অনুসৰি WhatsApp ত ব্যক্তিগত বাৰ্তালাপসমূহ এটা বিশেষ ফোল্ডাৰত সংৰক্ষণ কৰা হব। কোনে তাত কথা পাতিছে, তাৰ নাম লুকাই থাকিব। লগতে মেছেজৰ নটিফিকেচনো নাহিব।

    পিন কোড: – সমগ্ৰ হোৱাটছএপটো লক কৰিবলৈ বায়’মেট্ৰিক বা পিন ক’ডেৰে লক কৰাৰ সুবিধা আছে। ই এণ্ড্ৰইড ফোন আৰু আই অ’ এছ দুয়োটাতে উপলব্ধ। ই যিকোনো গোপন বাৰ্তালাপক সুৰক্ষিত কৰি ৰাখে। কোনোবাই আপোনাৰ ফোনত তথ্যৰ অনু সন্ধান কৰিলেও পিন ক’ড বা বায়’মেট্ৰিক্স অবিহনে তেওঁ এই বাৰ্তালাপবোৰ বিচাৰি নাপাব।

    কেনেদৰে ইয়াক ইনষ্টল কৰিব:- WhatsApp ৰ প্ৰাইভেচি চেটিঙত ইতিমধ্যে কেইবাটাও বস্তু যোগ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ডিছএপিয়াৰিং মেচেজ, স্ক্ৰীণশ্বট ব্লকিং, ষ্টেটাছ মেচেজ কোনে চাব নিয়ন্ত্ৰণ কৰা, লাষ্ট চিন বন্ধ কৰা। নতুনটো হৈছে Chatblock। ইয়াৰ বাবে WhatsApp ৰ শেহতীয়া ভাৰ্ছন ডাউনলোড কৰক। তাৰ পিছত আপুনি যিজন ব্যক্তিৰ লগত চাট লক কৰিব বিচাৰে তেওঁৰ প্ৰফাইল পিকচাৰলৈ যাওক। তাত আপুনি নতুন অপশ্যন Chatlock পাব। আপুনি disappearing message ৰ তলতে পাব অপশ্যনটো। ইয়াক সক্ষম (enable) কৰক। তাৰ পিছত আপোনাৰ ফোনটোৰ পাছৱৰ্ড আৰু বায়’মেট্ৰিক্সৰ সহায়ত অথেন্টিকেট কৰক। মেচেজ এডিট কৰাৰ ফিচাৰৰ লগতে হোৱাটছএপে চলি থকা কিছু সমস্যাও সমাধান কৰিব। ইয়াৰ ফলত গ্ৰাহকৰ অভিজ্ঞতা আৰু আনন্দদায়ক হ’ব।