• সফলতাৰ অভিমুখে ভাৰতৰ প্ৰথম সৌৰ অভিযানঃ আদিত্য-এল১-এ কঢ়িয়াই আনিছে সুখবৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    সফলতাৰ অভিমুখে ভাৰতৰ প্ৰথম সৌৰ অভিযানঃ আদিত্য-এল১-এ কঢ়িয়াই আনিছে সুখবৰ
    ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথম সৌৰ অভিযান সফল। শনিবাৰে বিয়লি ইছৰ’ই আদিত্য-এল১ক সফলতাৰে কক্ষপথত স্থান দিয়ে। আগন্তুক পাঁচ বছৰ তাতেই থাকিব মহাকাশযানখন। বিভিন্ন তথ্য সংগ্ৰহ কৰিব। আদিত্য-এল১ য়ে সূৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰিব।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নিজৰ এক্স হেণ্ডেলত সৌৰ অভিযানৰ সফলতাৰ খবৰ পোষ্ট কৰে। তেওঁ লিখিছে- ভাৰতে আন এক মাইলৰ খুঁটি সৃষ্টি কৰিছে। ভাৰতৰ প্ৰথমখন সৌৰ পৰ্যবেক্ষণ মহাকাশযান আদিত্য-এল১ গন্তব্য স্থানত উপস্থিত হৈছে। ই আমাৰ বিজ্ঞানীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ ফল। সমগ্ৰ দেশৰ লগতে ইছৰোৰ এই অবিশ্বাস্য সফলতাক লৈ মই গৌৰৱান্বিত। মানৱ সভ্যতাৰ স্বাৰ্থত আমি আৰু বহুতো বিজ্ঞানৰ এনে দুৱাৰ মুকলি কৰি যাম।”

    সূৰ্য্যৰ পৰা লেৰেঞ্জ বিন্দু বা L1 বিন্দুৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ। বিগত চাৰি মাহ ধৰি এই পথ অতিক্ৰম কৰিছে আদিত্য-এল১। শনিবাৰে বিয়লি ৪ বজাৰ ভিতৰত ইয়াক উদ্দেশ্যপ্ৰণোদিত কক্ষপথত স্থাপন কৰা হয়। ইতিমধ্যে এই অঞ্চলত নাছাৰ আন চাৰিখন মহাকাশযান আছে। তেওঁলোকেও সূৰ্য্য নিৰীক্ষণ কৰি আছে। কিন্তু ইয়াৰ পূৰ্বে কোনো ভাৰতীয় মহাকাশযান সূৰ্য্যৰ ইমান ওচৰলৈ যোৱা নাই।