• দীপাৱলী অফাৰ! আইফোন ক্ৰয় কৰিলে আপুনিও বিনামূল্যে লাভ কৰিব ৭০০০ টকীয়া ইয়াৰবাড

    বিজ্ঞান আৰু প্ৰযুক্তি
    দীপাৱলী অফাৰ! আইফোন ক্ৰয় কৰিলে আপুনিও বিনামূল্যে লাভ কৰিব ৭০০০ টকীয়া ইয়াৰবাড
    ডিজিটেল ডেস্ক: ভাৰতত আৰম্ভ হৈছে উৎসৱৰ বতৰ। বেছিভাগ ভাৰতীয়ই উৎসৱৰ বতৰত বজাৰ কৰিবলৈ ভাল পায়। ইয়াৰ বাবেই বহু কোম্পানীয়ে নিজ নিজ অনলাইন আৰু অফলাইন শ্বপিং প্লেটফৰ্মত উৎসৱৰ বিক্ৰীৰ আয়োজন কৰে। সেই কোম্পানীসমূহৰ ভিতৰত এটা হৈছে এপল, যিয়ে বিগত কেইবছৰমানৰ পৰা ভাৰতত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। 


    এপলৰ ফেষ্টিভেল বিক্ৰীৰ বাবে ভাৰতীয় ব্যৱহাৰকাৰীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল, আৰু এতিয়া অৱশেষত এপলৰ দীপাৱলী বিক্ৰী (Apple Diwali Sale 2024) আৰম্ভ হৈছে। এই বিক্ৰীত এপলৰ বিভিন্ন সামগ্ৰীত বৃহৎ পৰিমানৰ ৰেহাই আৰু বহুতো আকৰ্ষণীয় অফাৰ উপলব্ধ হৈছে। যদি আপুনি এপলৰ দীপাৱলী বিক্ৰীৰ সুবিধা ল’ব বিচাৰে আৰু এপলৰ সামগ্ৰী যেনে আইফোন, মেকবুক, আইপেড, আৰু এপল ঘড়ী ৰেহাই আৰু অন্যান্য অফাৰৰ সৈতে কিনিব বিচাৰে, তেন্তে আমি আপোনালোকক কিছুমান উত্তম বিক্ৰীৰ বিষয়ে জনাম ৷


    ৩ অক্টোবৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে Apple Diwali Sale 2024। উল্লেখ্য যে এই বিক্ৰী সীমিত সময়ৰ বাবে চলিব। এই সময়ছোৱাত গ্ৰাহকে এপলৰ অনলাইন ষ্ট’ৰৰ লগতে দিল্লী আৰু মুম্বাইৰ অফলাইন ষ্ট’ৰৰ পৰাও বজাৰ কৰিব পাৰিব।

    এপল দীপাৱলী বিক্ৰীৰ মূল অফাৰ

    Apple Diwali Sale 2024 in India: Special Deals on iPhone 15, Up to Rs.  10,000 Cashback, and More

    ১) ১০,০০০ টকা লৈকে কেছবেক: এই বিক্ৰীৰ সময়ত আপুনি আমেৰিকান এক্সপ্ৰেছ, এক্সিছ বেংক আৰু আইচিআইচিআই বেংক কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰি কিছুমান নিৰ্বাচিত সামগ্ৰীৰ ওপৰত ১০,০০০ পৰ্যন্ত কেছবেক পাব পাৰে।

    ২)বিনামূলীয়া ইএমআই: যোগ্য কাৰ্ডৰ জৰিয়তে ধন পৰিশোধ কৰিলে ১২ মাহলৈকে বিনামূলীয়া ইএমআই উপলব্ধ হ’ব।

    ৩)এপল ট্ৰেড ইন: আপোনাৰ বৰ্তমানৰ ডিভাইচৰ বাবে আপুনি  ৬৭,৫০০ পৰ্যন্ত ট্ৰেড-ইন মূল্য লাভ কৰিব ।

    ৪)বিনামূলীয়া মনোৰঞ্জন: আপুনি ৩ মাহৰ বাবে এপল মিউজিক, এপল টিভি+, আৰু এপল আৰ্কেডৰ বিনামূলীয়া প্ৰৱেশ লাভ কৰিব।


    আইফোনত অফাৰ

    Which iPhones support 5G? - 5G Training and 5G Certification

    ১) আইফোন ১৬: আইচিআইচিআই বেংক, এক্সিছ বেংক, আৰু আমেৰিকান এক্সপ্ৰেছ কাৰ্ডৰ সৈতে আইফোন ১৬ প্ৰ’, আইফোন ১৬ প্ৰ’ মেক্স, আইফোন ১৬, আৰু আইফোন ১৬ প্লাছত গ্ৰাহকে ৫,০০০ পৰ্যন্ত তৎক্ষণাত কেছবেক লাভ কৰিব।

    ২) আইফোন ১৫ ক্ৰয় কৰা ব্যৱহাৰকাৰীসকলে বিট ছ’ল’ বাডছ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব। অৱশ্যে এই অফাৰ ৪ অক্টোবৰলৈকেহে উপলব্ধ হ’ব।

    ৩) আইফোন ১৪: আইফোন ১৪ আৰু আইফোন ১৪ প্লাছত উপলব্ধ ৩,০০০ টকাৰ তৎক্ষণাত কেছবেক।

    ৪) আইফোন এছ ই : ২,০০০ টকাৰ কেছবেক উপলব্ধ হব।


    আইপেডত অফাৰ

    Apple gears up for new 10th gen iPads with A14 chip, Macs and a VR headset  | Technology News - Business Standard
    ১)আইপেড প্ৰ’: শেহতীয়া ১১ ইঞ্চি আৰু ১৩ ইঞ্চিৰ আইপেড প্ৰ’ মডেলত ৬,০০০ টকা পৰ্যন্ত তৎক্ষণাত কেছবেক উপলব্ধ হ’ব।

    ২)আইপেড এয়াৰ: ১১ ইঞ্চি আৰু ১৩ ইঞ্চিৰ আইপেড এয়াৰ মডেলত উপলব্ধ হ’ব ৪,০০০ টকাৰ কেছবেক।

    ৩) আইপেড মিনি: আইপেড মিনিত উপলব্ধ হ’ব ৪,০০০ টকাৰ কেছবেক।


    মেকবুক আৰু অন্য মেক ডিভাইচসমূহত অফাৰসমূহ

    The 3 Best Apple Laptops And MacBooks of 2024: Reviews - RTINGS.com


    ১)মেকবুক এয়াৰ (M3 চিপ): ১৩ ইঞ্চি আৰু ১৫ ইঞ্চিৰ মেকবুক এয়াৰত উপলব্ধ ১০,০০০ তৎক্ষণাত কেছবেক।

    ২)মেকবুক এয়াৰ (M2 chip): ৮০০০ টকাৰ কেছবেক ১৩ ইঞ্চি মেকবুক এয়াৰত উপলব্ধ হব।

    ৩)মেকবুক এয়াৰ প্ৰ’: ১৪ ইঞ্চি আৰু ১৬ ইঞ্চি মেকবুক এয়াৰ প্ৰ’ত উপলব্ধ হ’ব ১০,০০০ টকাৰ কেছবেক।

    ৪)মেক ষ্টুডিঅ’: ১০,০০০ টকাৰ কেছবেক মেক ষ্টুডিঅ’ত উপলব্ধ হব।

    ৫)আই মেক: ১০,০০০ টকাৰ কেছবেক 24 ইঞ্চি আই মেকত উপলব্ধ হব।

    ৬)মেক মিনি:  ৪০০০ টকাৰ কেছবেক মেক মিনিত উপলব্ধ হব।


    এয়াৰপড আৰু এপল ঘড়ীত অফাৰ

    How to Pair AirPods With an Apple Watch


    ১)এয়াৰপড মেক্স: এয়াৰপড মেক্সত উপলব্ধ হ’ব ৪,০০০ টকাৰ তৎক্ষণাত কেছবেক।

    ২)এয়াৰপড প্ৰ’: এয়াৰপড প্ৰ’ত ২,০০০ টকাৰ কেছবেক উপলব্ধ হ’ব।

    ৩)এয়াৰপড ৪: এয়াৰপড ৪ ত ১৫০০ টকাৰ কেছবেক উপলব্ধ হব।

    ৪)এপল ৱাটচ আল্ট্ৰা: ৬০০০ টকাৰ কেছবেক এপল ৱাটচ আল্ট্ৰাত উপলব্ধ হব।

    ৫)এপল ৱাটচ ছিৰিজ ১০: ৪০০০ টকাৰ কেছবেক এপল ৱাটচ ছিৰিজ ১০ত উপলব্ধ হব।

    ৬)এপল ৱাটচ এছই: ২০০০ টকাৰ কেছবেক এপল ৱাটচ এছইত উপলব্ধ হব।