ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ ৰ অভিযান আজিও সুকলমে চলি আছে৷এইবাৰ চন্দ্ৰপৃষ্ঠৰ এখন ত্ৰিমাত্ৰিক ছবি প্ৰকাশ কৰিছে ইছৰ’ই। ৰভাৰ প্ৰজ্ঞানে তোলা চন্দ্ৰৰ ত্ৰিমাত্ৰিক ছবি খন দেখি আচৰিত হৈছে বহুজন।
মঙলবাৰে সন্ধিয়া ইছৰোৱে এক্স হেণ্ডেলত এখন ফটো শ্বেয়াৰ কৰে।ছবি খনত বিক্ৰমক চন্দ্ৰপৃষ্ঠত থিয় হৈ থকা দেখা গৈছে। ছবিখন ত্ৰিমাত্ৰিক। আৰু সেইকাৰণে ই বিশেষ হিচাবে পৰিগণিত হৈছে। প্ৰজ্ঞানে 'নেভকেম ষ্টিৰিঅ' ইমেজ'ৰ সহায়ত এই ছবিখন তুলিছে। 
ছবিখন সঠিকভাৱে চাবলৈ, আপুনি ত্ৰিমাত্ৰিক চশমা পিন্ধিব লাগিব। এনে এখন ছবি দেখি সকলোৱে হতবাক হৈ পৰিছে। উল্লেখ্য ভাৰতৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। অনাগত দিনবোৰত চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰিবলৈ ইছৰ’ই চেষ্টা চলাই আছে৷ সেই নমুনা পৃথিৱীলৈ আনি পৰীক্ষা কৰিলে বহু ৰহস্য পোহৰলৈ আহিব৷ । অৱশ্যে এই মুহূৰ্তত, প্ৰজ্ঞান ৰোভাৰ আৰু বিক্ৰম পুনৰ চন্দ্ৰত 'শুই পৰিছে'। দুয়োটা ড়ন্ত্ৰই ২২ ছেপ্টেম্বৰত পুনৰ সক্ৰিয় হোৱাৰ কথা ।
Leave A Comment