• কুকুৰে টোপনিৰ সময়ত গৰাকীৰে সপোনেই দেখে! হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষণা

    বিজ্ঞান আৰু প্ৰযুক্তি
    কুকুৰে টোপনিৰ সময়ত গৰাকীৰে সপোনেই দেখে! হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষণা
    ডিজিটেল ডেস্কঃ কুকুৰৰ প্ৰভুভক্তিৰ কথা সৰ্বজন বিদিত৷ কুকুৰে আনকি টোপনিৰ সময়ত সপোনতে নিজৰ গৰাকীকেই দেখে৷ হাৰ্ভাৰ্ডৰ একাংশ মনোবিজ্ঞানীয়ে প্ৰকাশ কৰা মতে  কুকুৰবোৰেও মানুহৰ দৰে সপোন দেখে আৰু সিঁহতে প্ৰায়ে নিজৰ  মালিকৰ সপোন দেখিব পাৰে। 

    ডাঃ ডেইৰড্ৰে বেৰেটৰ গৱেষণাই এই কথা  সূচাইছে  যে কুকুৰবোৰে সিহঁতৰ  দৈনন্দিন অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সপোনৰ পৰিবেশ সৃষ্টি কৰে, প্ৰায়ে সিহঁতে  মালিকৰ উপস্থিতি আৰু আৱেগজড়িত ঘটনাবোৰ সপোনত দেখে৷ 

    হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ নিদানিক আৰু বিৱৰ্তনশীল বিভাগৰ  মনোবিজ্ঞানী ডাঃ ডেইৰড্ৰে বেৰেটে কুকুৰৰ টোপনি আৰু আচৰণৰ বিষয়ে  বিস্তৃত গৱেষণা  চলাই গৈছে৷ গৱেষণাৰ সময়তে তেওঁ  কুকুৰে  মানুহৰ দৰেই সপোন দেখিব পাৰে বুলি সিদ্ধান্তত উপনীত হৈছে৷  বেৰেটে পিপ’ল আলোচনীত এই বিষয়ে উল্লেখ কৰিছে৷ উল্লেখ্য জীৱ-জন্তুৱে সপোন দেখে নে নাই তাকেলৈ নানা ধৰণৰ গৱেষণা চলি আছে৷