• পৰিবেশৰ বাবে পৰম্পৰাগত গাড়ীতকৈ বেটাৰীচালিত বৈদ্যুতিক গাড়ী অধিক ক্ষতিকাৰক: আইআইটি কানপুৰৰ অধ্যয়নত প্ৰকাশ পালে নতুন তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    পৰিবেশৰ বাবে পৰম্পৰাগত  গাড়ীতকৈ বেটাৰীচালিত বৈদ্যুতিক গাড়ী  অধিক ক্ষতিকাৰক: আইআইটি কানপুৰৰ অধ্যয়নত প্ৰকাশ পালে নতুন তথ্য
    ডিজিটেল ডেস্কঃ  পৰম্পৰাগত  গাড়ীতকৈ বেটাৰীচালিত বৈদ্যুতিক গাড়ী  অধিক ক্ষতিকাৰক৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী (আইআইটি) কানপুৰে কৰা এক শেহতীয়া অধ্যয়নত এই দাবী কৰা  হৈছে যে ইলেক্ট্ৰনিক গাড়ীবোৰ হাইব্ৰিড কাৰ আৰু পৰম্পৰাগত আভ্যন্তৰীণ কম্বাষ্টন ইঞ্জিন কাৰতকৈ অধিক পৰিৱেশ-অনুকূল নহয়৷ 

    আইআইটি কানপুৰৰ ইঞ্জিন গৱেষণা পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি বৈদ্যুতিক গাড়ী নিৰ্মাণ, ব্যৱহাৰ আৰু স্ক্ৰেপিংয়ে হাইব্ৰিড (এইচ.ই.ভি.) আৰু পৰম্পৰাগত ইঞ্জিন কাৰতকৈ ১৫ ৰ পৰা ৫০ শতাংশ অধিক সেউজগৃহ গেছ (জিএইচজি) উৎপাদন কৰি আছে।

    অধ্যয়নটোৱে এয়াও  দেখুৱাইছে  যে হাইব্ৰিড  গাড়ীবোৰ আটাইতকৈ পৰিৱেশ-অনুকূল।বৈদ্যুতিক, হাইব্ৰিড আৰু পৰম্পৰাগত গাড়ীৰ বিষয়ে এটা জাপানী সংস্থাৰ সহায়ত আইআইটি কানপুৰে এই অধ্যয়নটো পৰিচালনা কৰিছিল। অধ্যয়নটোত  গাড়ীবোৰক তিনিটা শ্ৰেণীত বিভক্ত কৰিছিল - দুটা বিদেশী শ্ৰেণী আৰু এটা ভাৰতীয় শ্ৰেণী - বাহনবোৰৰ জীৱন চক্ৰ বিশ্লেষণ (এলচিএ) আৰু মুঠ ব্যয় (টিচিঅ') গণনা কৰা হৈছিল৷আইআইটি কানপুৰৰ অধ্যাপক অবিনাশ আগৰৱালাই চলোৱা অধ্যয়নত দেখা গৈছে যে বেটাৰীচালিত বৈদ্যুতিক গাড়ীয়ে (বিইভি) অন্যান্য বাহনতকৈ বিভিন্ন শ্ৰেণীত ১৫-৫০  শতাংশ অধিক সেউজগৃহ গেছ নিৰ্গত কৰে।

    বি.ই.ভি.-ত, বেটাৰীটো বিদ্যুতৰ দ্বাৰা চাৰ্জ কৰিব লাগে৷ আনহাতে বৰ্তমান দেশত ৭৫  শতাংশ বিদ্যুৎ কয়লাৰ পৰা উৎপন্ন হয়, যি কাৰ্বন-ডাই অক্সাইড নিৰ্গত কৰে। একেদৰে, হাইব্ৰিড আৰু পৰম্পৰাগত গাড়ীৰ তুলনাত বেটাৰী গাড়ীৰ  ৰক্ষণাবেক্ষণৰ ব্যয় প্ৰতি কিমিত ১৫-৬০ শতাংশ অধিক।হাইব্ৰিড  বাহনবোৰে (এইচ.ই.ভি.) বাকী দুটা শ্ৰেণীৰ বাহনৰ তুলনাত আটাইতকৈ কম পৰিমাণৰ জি.এইচ.জি. নিৰ্গত কৰে ৷

     আইআইটিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদি চৰকাৰে নিকা প্ৰযুক্তিৰ প্ৰচাৰ কৰিব বিচাৰে, হাইব্ৰিড গাড়ীৰ ওপৰত বেটাৰী বাহনৰ সমান কৰ আৰোপ কৰি কৰি সেইবোৰৰ প্ৰচলন বঢ়াব পাৰে৷অধ্যাপক আগৰৱালাই লগতে কয় যে  ভাড়াত দিবলৈ   বেটাৰী চালিত গাড়ী এখন অধিক কাৰ্যকৰী। আনহাতে পৰিৱেশৰ ক্ষেত্ৰত হাইব্ৰিড বাহনবোৰ সৰ্বশ্ৰেষ্ঠ।