• তীব্ৰ সৌৰ ধুমুহাৰ প্ৰভাৱ পৰিব ভাৰততো; নাছাৰ সতৰ্কবাণী

    বিজ্ঞান আৰু প্ৰযুক্তি
    তীব্ৰ সৌৰ ধুমুহাৰ প্ৰভাৱ পৰিব ভাৰততো; নাছাৰ সতৰ্কবাণী
    ডিজিটেল ডেস্ক: আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ সতৰ্কবাণী৷ সূৰ্য্যত বৃহৎ বিস্ফোৰণৰ আশংকা কৰিছে নছাই যাৰ ফলত তীব্ৰ সৌৰ ধুমুহা সৃষ্টি হ’ব। যদি এই ধুমুহাই পৃথিৱীত আঘাত কৰে তেন্তে ইয়াৰ ফলত পৃথিৱীৰ বৃহৎ ক্ষতি হ’ব পাৰে। সেয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাইও এক সতৰ্কবাণী জাৰি কৰিছে।

    নাছাৰ বিজ্ঞানীসকলৰ মতে যিকোনো সময়তে সূৰ্য্যত এক শক্তিশালী বিস্ফোৰণ ঘটিব পাৰে। এই বিস্ফোৰণে পৃথিৱীত আঘাত কৰিলে  পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰক বিঘ্নিত কৰা ফলত ৰেডিঅ’ ব্লেকআউট আৰু বিদ্যুৎ ব্লেকআউট হোৱাৰ আশংকা কৰা হৈছে

    সূৰ্য্যৰ গতিবিধি নিৰীক্ষণ কৰা ইছৰ’ই লাডাখত থকা নিজৰ কেন্দ্ৰৰ পৰা তথ্য সংগ্ৰহ কৰি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি সৌৰ ধুমুহাই ভাৰতীয় উপগ্ৰহসমূহকো প্ৰভাৱিত কৰিব পাৰে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰ’ফিজিক্সৰ সঞ্চালক ড০ অন্নপূৰ্ণি সুব্ৰমণিয়ানে সদৰি কৰিছে যে সূৰ্য্যত বিস্ফোৰণৰ কণা, শক্তি, চুম্বকীয় ক্ষেত্ৰ আৰু পদাৰ্থৰ মিশ্ৰণৰ ফলত হয়। এবাৰ বিস্ফোৰণ হ’লে সৌৰ ধুমুহাই ঘণ্টাত ২৫০ৰ পৰা ৩০০০ কিলোমিটাৰ বেগত পৃথিৱীলৈ গতি কৰিব পাৰে, যিটো পৃথিৱীৰ বাবে বিপদজনক হ’ব।