• গোলকীয় উষ্ণতাৰ বাবে বিশ্বত বৃদ্ধি পাব মহৰ পৰিমাণ; গৱেষণাত প্ৰকাশিত ভয়ংকৰ তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    গোলকীয় উষ্ণতাৰ বাবে বিশ্বত বৃদ্ধি পাব মহৰ পৰিমাণ; গৱেষণাত প্ৰকাশিত ভয়ংকৰ তথ্য
    ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰতিদিনে পৃথিৱীৰ প্ৰকৃতিৰ পৰিৱৰ্তন ঘটিছে। দিনক দিনে ই এক বিশ্ব সংকট হিচাপে আত্মপ্ৰকাশ কৰি আছে।আজি আমি আপোনালোকক জনাম গোলকীয় উষ্ণতাৰ এনে এটা পাৰ্শ্বক্ৰিয়া যিটো কোনোৱে লক্ষ্য কৰা নাই।

    গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ুৰ পৰিৱৰ্তন, উষ্ণতা বৃদ্ধি, কৃষিৰ ওপৰত বেয়া প্ৰভাৱ, মৃত্যুৰ হাৰ বৃদ্ধি, প্ৰাকৃতিক বাসস্থান হেৰুৱাই ক্ষতিকাৰক পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছে।ইয়াৰ উপৰিও এনে এটা পাৰ্শ্বক্ৰিয়াও আছে যিটো কোনেও লক্ষ্য কৰা নাই। অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মহৰ সংখ্যা বৃদ্ধি পাব।

    বিশ্বৰ বহু অঞ্চলত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে মেলেৰিয়া বিয়পোৱা মহবোৰ পৃথিৱীত দ্ৰুতগতিত বিয়পি পৰিছে। কাৰণ জলবায়ু পৰিৱৰ্তনৰ বাবে তাপমাত্ৰা বৃদ্ধি পাইছে।উষ্ণতা বৃদ্ধিৰ বাবে এতিয়া উচ্চ উচ্চতাৰ অঞ্চলতো মহৰ দ্ৰুত গতিত বিয়পি পৰিছে। যাৰ বাবেই এতিয়া মহৰ ফলত হোৱা ৰোগবোৰ উচ্চ উচ্চতাৰ অঞ্চলতো বিয়পিবলৈ আৰম্ভ কৰিছে।

    বিজ্ঞানীসকলৰ এক গৱেষণাৰ মতে, উষ্ণতা হ্ৰাস পোৱা অঞ্চলসমূহত মেলেৰিয়াৰ দৰে ৰোগৰ ক্ষেত্ৰ কমিছে। যেনে - ইথিওপিয়াৰ হাইলেণ্ডত ঘটি আছে। এই গৱেষণাই জলবায়ু পৰিবৰ্তন, উষ্ণতা আৰু মহৰ মাজৰ সম্পৰ্ক স্পষ্টকৈ দেখুৱাইছে।জলবায়ু পৰিৱৰ্তনে কেৱল উষ্ণতা বৃদ্ধি কৰি মহক উপকৃত কৰাই নহয়, দীৰ্ঘদিনীয়া বৰষুণৰ ফলতো মহে ভালদৰে লাভৱান হ’ব পাৰে। ইয়াৰ বাহিৰেও খৰাঙৰ সময়ত মানুহে পানী জমা কৰিবলৈ আৰম্ভ কৰে, যিটো মহৰ প্ৰজনন বৃদ্ধিৰ কাৰণ হৈ পৰে।