• Google Map এ কেনেকৈ কৰে আপোনাক অনুসৰণ ? ইয়াৰ পৰা হাত সৰাৰ সমাধান জানো আহক

    বিজ্ঞান আৰু প্ৰযুক্তি
    Google Map এ কেনেকৈ কৰে আপোনাক অনুসৰণ ? ইয়াৰ পৰা হাত সৰাৰ সমাধান জানো আহক
    ডিজিটেল ডেস্কঃ বৰ্তমান ডিজিটেল যুগত গুগল মেপ আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। আপুনি যদি ক’ৰবালৈ যাত্ৰা কৰিব বিচাৰে বা নতুন ঠাই অন্বেষণ কৰিব বিচাৰে, গুগল মেপে আমাৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰে। কিন্তু আপুনি জানেনে যে গুগল মেপে আপোনাৰ প্ৰতিটো কাম-কাজৰ ওপৰত চকু ৰাখে?

    গুগল মেপে আপোনাৰ অৱস্থান আৰু গতিবিধিৰ বিষয়ে তথ্য সংগ্ৰহ কৰে, যাক ই আপোনাৰ Google একাউণ্টৰ সৈতে সংযোগ কৰে। এই তথ্যই কেৱল আপোনাৰ ভ্ৰমণ ইতিহাস ৰেকৰ্ড কৰাই নহয়, আপোনাৰ বাস্তৱ সময়ৰ অৱস্থানো অনুসৰণ কৰে। এই তথ্যই গুগলক আপোনাৰ আচৰণ আৰু অভ্যাস বুজাত সহায় কৰে, যিটো ই উন্নত সেৱা আৰু ব্যক্তিগতকৃত বিজ্ঞাপন প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে।

    গুগল মেপৰ স্থান সেৱা বৈশিষ্ট্যই জিপিএছ, ৱাই-ফাই আৰু মোবাইল নেটৱৰ্কৰ জৰিয়তে কাম কৰে। যেতিয়া আপুনি আপোনাৰ স্মাৰ্টফোনত স্থান সেৱা অন কৰে, তেতিয়া গুগলে আপুনি কৰা সকলো কাম ৰেকৰ্ড কৰে। ‘টাইমলাইন’ বৈশিষ্ট্যৰ জৰিয়তে আপুনি নিজেই চাব পাৰিব যে আপোনাৰ কোনটো স্থান গুগলে সংৰক্ষণ কৰিছে।

    ইয়াৰ পৰা মুক্তি পোৱাৰ উপায়

    যদি আপুনি গুগলে আপোনাৰ অৱস্থান অনুসৰণ কৰাটো নিবিচাৰে, তেন্তে তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক:

    ১) লোকেশ্বন হিষ্ট্ৰী বন্ধ কৰক

    আপোনাৰ Google একাউণ্টৰ ছেটিংছলৈ যাওক আৰু লোকেশ্বন হিষ্ট্ৰী নিষ্ক্ৰিয় কৰক। ইয়াৰ লগে লগে গুগলে ভৱিষ্যতে আপোনাৰ স্থান সংৰক্ষণ নকৰে।

    ২) লোকেশ্বন সেৱাসমূহ বন্ধ কৰক

    আপোনাৰ স্মাৰ্টফোনৰ ছেটিংছলৈ গৈ লোকেশ্ব চাৰ্ভিচ বন্ধ কৰক।

    ৩) টাইমলাইন ডাটা ডিলিট কৰক

    গুগল মেপৰ ‘টাইমলাইন’ অংশলৈ গৈ আপোনাৰ পুৰণি স্থানৰ তথ্য মচি পেলাওক

    ৪) গোপনীয় মোড ব্যৱহাৰ কৰক

    গুগল মেপত 'incognito mode' অন কৰক। এই মোডে আপোনাৰ অৱস্থানৰ ইতিহাস সংৰক্ষণ নকৰে । প্ৰযুক্তিয়ে জীৱনটো সহজ কৰি তুলিছে যদিও গোপনীয়তা বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। গতিকে আপোনাৰ ডাটা সুৰক্ষিত ৰাখিবলৈ সময়ে সময়ে এই ছেটিংছ নিশ্চিতভাৱে পৰীক্ষা কৰক।