ডিজিটেল ডেস্কঃ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি) আৰু জাপানৰ নিগাটা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে হিমালয়ত প্ৰায় ৬০ কোটি বছৰ পুৰণি সাগৰীয় পানী আৱিষ্কাৰ কৰিছে। সাগৰৰ পানীৰ এই টোপালবোৰ খনিজ আৱৰ্জনাৰ ভিতৰত আছিল বুলি জানিব পৰা গৈছে৷
বাংগালুৰুস্থিত IISc-এ বৃহস্পতিবাৰে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। উল্লেখ্য যে নমুনা সংগ্ৰহ কৰা স্থানত কেলচিয়াম আৰু মেগনেছিয়াম কাৰ্বনেট দুয়োটা আছিল বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে৷
বিজ্ঞানীসকলে কয় যে জমা স্থানসমূহৰ বিশ্লেষণৰ ফলত দলটোৱে এনে সম্ভাৱ্য পৰিঘটনাৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিছিল যিয়ে পৃথিৱীৰ ইতিহাসত এক বৃহৎ অক্সিজেনেচনৰ পৰিঘটনাৰ সূচনা কৰিলেহেঁতেন৷এই বিবৃতি অনুসৰি বিজ্ঞানীসকলৰ মতে ৭০০ৰ পৰা ৫০ কোটি বছৰৰ ভিতৰত পৃথিৱীখন বৰফৰ ডাঠ চাদৰেৰে আবৃত আছিল। ইয়াত কোৱা হৈছে যে ইয়াৰ পাছত পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাইছিল যাৰ ফলত জটিল জীৱৰ বিকাশ ঘটিছিল।
আই আই এছ চিয়ে কয় যে বিজ্ঞানীসকলে এতিয়ালৈকে সঠিকভাৱে বুজি পোৱা নাই যে ভালদৰে সংৰক্ষিত জীৱাশ্মৰ অভাৱ আৰু পৃথিৱীৰ ইতিহাসৰ সকলো প্ৰাচীন মহাসাগৰ নোহোৱা হোৱাৰ কাৰণ কি? হিমালয়ত এনে সাগৰীয় শিল বিচাৰি পালে হয়তো কিছু উত্তৰ পোৱা যাব বুলিও জানিবলৈ দিয়ে।
চেণ্টাৰ ফৰ আৰ্থ চাইন্সেছ (CEAS), IISc ৰ গৱেষক তথা ‘প্ৰিকেম্ব্ৰিয়ান ৰিচাৰ্চ’ নামৰ আলোচনীখনত প্ৰকাশিত এই অধ্যয়নৰ প্ৰথম লেখক প্ৰকাশ চন্দ্ৰ আৰ্যই কয় যে পুৰণি মহাসাগৰৰ বিষয়ে আমি বিশেষ একো নাজানো। বৰ্তমানৰ সাগৰবোৰৰ লগত তেওঁলোক কিমান মিল আছিল বা পৃথক আছিল? ইহঁত অধিক এচিডিক বা ক্ষাৰকীয়, পুষ্টিকৰ পদাৰ্থৰে সমৃদ্ধ আছিল নেকি, গৰম বা ঠাণ্ডা, ইহঁতৰ ৰাসায়নিক আৰু সমস্থানিক গঠন কি আছিল?’তদুপৰি ভৱিষ্যতে এনে বিশ্লেষণ পৃথিৱীৰ প্ৰাচীন জলবায়ুৰ বিষয়ে তথ্য লাভ কৰিব বুলি বিজ্ঞানীসকল আত্মবিশ্বাসী৷
Leave A Comment