ডিজিটেল ডেস্কঃ বিশ্বত পেট্ৰ’ল-ডিজেলৰ আকাল হ’ব বুলি বিভিন্ন জনে আশংকা ব্যক্ত কৰি অহাৰ সময়তে এনে এখন বাইক আৱিষ্কাৰ হৈছে যিখন বাইক চলিবলৈ নালাগে পেট্ৰ’ল। বীয়েৰৰ জড়িয়তেই চলে এই বাইক খন।
বীয়েৰ চালিত বাইক খনৰ গতিবেগ ঘণ্টাত ২৪০ কিলোমিটাৰ। আমেৰিকাৰ মাইকেলছনে বীয়েৰ চালিত বাইক এখন উদ্ভাৱন কৰি উলিয়াইছে। বাইক খনৰ উদ্ভাৱক মাইকেলছনে কৈছে যে বাইকখনত থকা পাত্ৰত পেট্ৰ’লৰ দৰে বীয়েৰ ঢালি দিলে সেই বীয়েৰ গৰম কৰা কুণ্ডলীটোৱে বিয়েৰখিনি ৩০০ ডিগ্ৰী পৰ্যন্ত গৰম কৰি তুলিব, ফলত নজলত বাষ্প প্ৰস্তুত হ’ব আৰু বাইকখন আগুৱাই যাব।
তেওঁ লগতে কৈছে যে এই বাইকখন প্ৰতি ঘণ্টাত ২৪০ কিলোমিটাৰ বেগত চলিব পাৰে। তেওঁ কয় যে গেছ আৰু পেট্ৰ’লৰ মূল্য দিনক দিনে বাঢ়ি আহিছে। সেয়ে বীয়েৰক ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ চিন্তা তেওঁৰ মনলৈ আহিল। তেওঁ লগতে কয় যে তেওঁ বীয়েৰ পান নকৰে, ইয়াক ইন্ধন হিচাপেহে ব্যৱহাৰ কৰিছে।
শেহতীয়াকৈ আমেৰিকাত অনুষ্ঠিত এক কাৰ শ্ব'ত বীয়েৰ চালিত এই বাইক খনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কাৰ শ্ব'ত বীয়েৰ চালিত এই বাইক খনে প্ৰথম স্থান লাভ কৰিছে। মাইকেলছনে কৈছে যে কেইটামান প্ৰদৰ্শনীৰ পিছত তেওঁ বাইকখন তেওঁৰ ঘৰৰ সংগ্ৰহালয়ত ৰাখিব।
Leave A Comment