• ২০৪০ৰ ভিতৰত চন্দ্ৰপৃষ্ঠত ভৰি থ’ব ভাৰতীয় মহাকাশচাৰীয়ে; নতুন পৰিকল্পনাৰে সাজু ইছৰো

    বিজ্ঞান আৰু প্ৰযুক্তি
    ২০৪০ৰ ভিতৰত চন্দ্ৰপৃষ্ঠত ভৰি থ’ব ভাৰতীয় মহাকাশচাৰীয়ে; নতুন পৰিকল্পনাৰে সাজু ইছৰো
    ডিজিটেল ডেস্ক: গান্ধীনগৰত চলি আছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলন৷ এই সন্মিলনতে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে মহাকাশ কাৰ্যসূচীৰ বাবে ভাৰতৰ উচ্চাকাংক্ষী দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে।

    ইছৰোৰ শেহতীয়া সফলতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা নিৰ্দেশনাৰ কথা উল্লেখ কৰি সোমনাথে মহাকাশত নিৰন্তৰ মানৱ উপস্থিতি স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

    গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোদীৰ কাৰ্যকালৰ সমৰ্থনৰ কথা স্মৰণ কৰি সোমনাথে কয়, প্ৰধানমন্ত্ৰীয়ে সদায় আমাৰ মহাকাশ প্ৰচেষ্টাৰ বাবে আগ্ৰহী হৈ আহিছে। যোৱা ছমাহৰ বিজয়ৰ পাছত তেওঁ আমাৰ বাবে আৰু এটা পথ নিৰ্দিষ্ট কৰিছে, যিটো আমাৰ বৰ্তমানৰ প্ৰকল্পবোৰৰ বাহিৰেও অধিক বিস্তৃত। 

    সোমনাথে কয়, আমাৰ লক্ষ্য কেৱল গগনযান অভিযান সম্পাদন কৰাই নহয়, মহাকাশত মানৱীয় কাৰ্যকলাপ অব্যাহত ৰখাও আমাৰ অভিযানৰ অংশ৷ যাৰ ফলত এজন ভাৰতীয় মহাকাশচাৰীয়ে ২০৪০ চনৰ ভিতৰত চন্দ্ৰপৃষ্ঠত ভৰি থ’বলৈ সক্ষম হ’ব।

    সময়সীমা দূৰৈৰ যেন লাগিব পাৰে, কিন্তু সোমনাথে আশ্বাস দিছিল যে এই স্বপ্ন বাস্তৱায়িত কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা চলি আছে। তেওঁ ২০৩৫ চনৰ ভিতৰত এটা ভাৰতীয় মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্যৰ ওপৰতো আলোকপাত কৰে, যি ভাৰতীয়সকলৰ বাবে মাইক্ৰ’গ্ৰেভিটি পৰিস্থিতিত গৱেষণা কৰাৰ মঞ্চ হিচাপে কাম কৰিব।