• যেন হীৰাৰ টুকুৰা! নাছাই প্ৰকাশ কৰা এই বিতোপন ছবি খন কোন গ্ৰহৰ চিনি পাইছেনে আপুনি?

    বিজ্ঞান আৰু প্ৰযুক্তি
    যেন হীৰাৰ টুকুৰা!  নাছাই প্ৰকাশ কৰা এই বিতোপন ছবি খন কোন গ্ৰহৰ চিনি পাইছেনে আপুনি?
    ডিজিটেল ডেস্কঃ আপুনি হয়তো সৌৰজগতৰ এটা গ্ৰহণৰ এনে  সৌন্দৰ্যৰ কথা আগতে  বিশ্বাসেই কৰিব নোৱাৰিলেহেঁতেন। কিন্তু এতিয়া নাছাই শ্বেয়াৰ কৰা এই ছবি খন চাই আপুনি হয়তো ক’ব যে সৌৰজগতত  সঁচাকৈয়ে ধুনীয়া গ্ৰহ আছে। আমেৰিকাৰ নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)-এ শেহতীয়াকৈ  পোষ্ট কৰা এখন ছবিয়ে বহুতকে  আচৰিত কৰি তুলিছে।

     এই ছবিখন আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুধৰ ছবি। গ্ৰহটোক প্ৰদক্ষিণ কৰা প্ৰথম মহাকাশযান মেচেঞ্জাৰে তোলা এই ছবিখন এতিয়া  মানুহৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।নাছাই গ্ৰহটোৰ বিষয়ে অধিক বুজাবলৈ ফটোখনৰ সৈতে কিছু কথাও  লিখিছে।নাছাই লিখিছে " চন্দ্ৰতকৈ অলপ ডাঙৰ, বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ, আৰু সূৰ্যৰ নিকটতম গ্ৰহ। 
     


     বুধ আটাইতকৈ সৰু গ্ৰহ যদিও  ই খুব দ্ৰুত, ই কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় ২৯  মাইল (৪৭  কিমি) গতিৰে ভ্ৰমণ কৰে। ফলত বুধ গ্ৰহত  পৃথিৱীৰ ৮৮ দিনত এবছৰ হয়।’’
    নাছাই লগতে কৈছে যে গ্ৰহটোত বায়ুমণ্ডলৰ পৰিৱৰ্তে পাতল এক্সোস্ফিয়াৰ আছে। 

     উল্লেখ্য বুধ গ্ৰহ  সম্বন্ধে  এতিয়ালৈকে কম তথ্যহে  পোৱা গৈছে। বুধৰ  অভিযানৰ বাবে ১৯৭৪ - ১৯৭৫ চনত মেৰিনাৰ ১০ যান প্ৰেৰণ কৰা হৈছিল।সূৰ্যৰ পৰা বুধ গ্ৰহৰ  গড় দূৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ৷ বুধৰ পৃষ্ঠভাগ শিলাময় আৰু শুকান৷