• সাৱধান! পৃথিৱী অভিমুখে আহি আছে ৬৫০ ফুট ব্যাসাৰ্ধ্দৰ এটা গ্ৰহাণু, পৃথিৱীৰ নিচেই কাষ চাপিব ২৪ মে'ত

    বিজ্ঞান আৰু প্ৰযুক্তি
    সাৱধান! পৃথিৱী অভিমুখে আহি আছে ৬৫০  ফুট ব্যাসাৰ্ধ্দৰ এটা  গ্ৰহাণু, পৃথিৱীৰ নিচেই কাষ চাপিব ২৪ মে'ত
    ডিজিটেল ডেস্কঃ পৃথিৱীৰ পিনে দুৰন্ত গতিত আহি আছে এটা বিশাল আকৃতিৰ গ্ৰহাণু। মাৰ্কিন  মহাকাশ গৱেষণা সংস্থা নাছাই কৈছে যে গ্ৰহাণুটো পৃথিৱীৰ ওচৰেৰে  পাৰ হৈ যাব বুলি  বুলি আশা কৰা হৈছে। গ্ৰহাণুটোৰ নাম ২০২৩ চিএল৩ বুলি কোৱা হৈছে। প্ৰায় ৬৫০ ফুট বহল গ্ৰহাণুটোৱে  প্ৰতি ঘণ্টাত ২৫,০০০ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে আগবাঢ়িছে।

    নাছাৰ মতে গ্ৰহাণুটো ২৪ মে'ত পৃথিৱীৰ নিচেই ওচৰলৈ আহিব। পিছত গ্ৰহাণুটোৱে  পৃথিৱীৰ পৰা পৰা ৭.২ নিযুত কিলোমিটাৰ দূৰলৈ আঁতৰি  যাব বুলি নাছাৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে। কিন্তু নাছাৰ বিজ্ঞানীসকলে লগতে এই বুলিও আশংকা কৰিছে যে গ্ৰহাণুটোৱে হঠাতে ইয়াৰ  গতিপথ সলনি কৰিব পাৰে। 

    অৱশ্যে ইয়াৰ ফলত পৃথিৱীৰ তেনে কোনো ক্ষতিসাধন হোৱাৰ আশংকা নাই বুলি বিজ্ঞানীসকলে কৈছে। অৱশ্যে, বিজ্ঞানীসকলে গ্ৰহাণুটোৰ ওপৰত তীক্ষাণ নজৰ ৰাখি আছে।পূৰ্বেও  এনে ধৰণৰ বহু কেইটা  গ্ৰহাণুৱে পৃথিৱীত খুন্দা উদাহৰণ আছে। বিজ্ঞানীসকলৰ মতে  পৃথিৱীৰ বিৱৰ্তনত গ্ৰহাণুৰ এনে আঘাতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিজ্ঞানীসকলে এইবুলিও দাবী কৰে যে প্ৰাগৈতিহাসিক যুগত  পৃথিৱীত বিচৰণ কৰা ডাইনোচৰ বিলুপ্তিৰ গৰাহত  পৰাৰ কাৰণো গ্ৰহাণুৰ আঘাতেই আছিল।