• চন্দ্ৰপৃষ্ঠলৈ নিয়াৰ পৰিকল্পনা এটা বিশেষ মাইক্ৰ’নিউক্লিয়াৰ ৰিয়েক্টৰ! মডেল প্ৰকাশ কৰিলে ৰ’লছ ৰয়েছ-এ

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰপৃষ্ঠলৈ নিয়াৰ পৰিকল্পনা এটা বিশেষ মাইক্ৰ’নিউক্লিয়াৰ ৰিয়েক্টৰ! মডেল প্ৰকাশ কৰিলে ৰ’লছ ৰয়েছ-এ
    ডিজিটেল ডেস্কঃ ৰ’লছ ৰয়েছে শেহতীয়াকৈ এটা বিশেষ মাইক্ৰ’নিউক্লিয়াৰ ৰিয়েক্টৰৰ কনচেপ্ট মডেল প্ৰকাশ কৰিছে। চন্দ্ৰপৃষ্ঠলৈ নিয়াৰ পৰিকল্পনা কৰিছে ৰিয়েক্টৰটোক।

    ব্ৰিটেইনৰ মহাকাশ সংস্থাৰ পৰা ২৯ লাখ পাউণ্ডৰ চুক্তি (৩৬ লাখ ডলাৰ)ৰ দ্বাৰা সমৰ্থিত এই প্ৰকল্পৰ লক্ষ্য হৈছে অদূৰ ভৱিষ্যতে চন্দ্ৰত উপনিবেশ স্থাপন কৰা মহাকাশচাৰীসকলৰ বাবে এক নিৰ্ভৰযোগ্য শক্তিৰ উৎস প্ৰদান কৰা।

    ৰ’লছ ৰয়েছৰ ভৱিষ্যতৰ কাৰ্যসূচীৰ সঞ্চালক আবি ক্লেটনে এক বিবৃতিত কয় যে আমাৰ মহাকাশ মাইক্ৰ’ ৰিয়েক্টৰ কনচেপ্ট মডেলে আমাক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে যে এই প্ৰযুক্তিয়ে মহাকাশ আৰু পৃথিৱী উভয়ৰে বাবে কেনেদৰে অপৰিসীম সুবিধা কঢ়িয়াই আনিব।

    নৱেম্বৰৰ শেষৰ ফালে ব্ৰিটেইনৰ বেলফাষ্টত অনুষ্ঠিত হোৱা ব্ৰিটেইনৰ মহাকাশ সন্মিলনত এই মডেলটো উন্মোচন কৰা হয়। ৰ’লছ ৰয়েছে বিশ্বাস কৰে যে ৰিয়েক্টৰটো চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হ’বলৈ আৰু ছয় বছৰ লাগিব। প্ৰতিষ্ঠানটোৱে বিবৃতিটোত কয় যে ২০৩০ চনৰ আৰম্ভণিতে চন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ এটা ৰিয়েক্টৰ সাজু হোৱাৰ পৰিকল্পনা কৰিছে ৰ’লছ ৰয়েছে।