• মহাকাশ যাত্ৰাত ৰাছিয়া, আমেৰিকাৰ সৈতে চৌদি আৰৱে মাৰিব ফেৰ! আজি মহাকাশলৈ যাব ইছলামিক দেশৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী ৰায়না

    বিজ্ঞান আৰু প্ৰযুক্তি
    মহাকাশ যাত্ৰাত ৰাছিয়া, আমেৰিকাৰ সৈতে  চৌদি আৰৱে মাৰিব ফেৰ! আজি মহাকাশলৈ যাব  ইছলামিক দেশৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী  ৰায়না
    ডিজিটেল ডেস্কঃ মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত ৰাছিয়া, আমেৰিকাৰ সৈতে  চৌদি আৰৱেও মাৰিবলৈ ওলাইছে। চৌদি আৰবে মহাকাশত ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ইতিমধ্যে নানান পৰিকল্পনা কৰিছে। মহাকাশ অভিমুখে   দেওবাৰে ফ্লৰিডাৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) ৰাওনা হ'ব কেইবাজনো মহাকাশচাৰী।

    তেওঁলোকৰ ভিতৰত তিনিজন পুৰুষ মহাকাশচাৰীৰ সৈতে এগৰাকী মহিলা মহাকাশচাৰীও আছে।প্ৰথমবাৰৰ বাবে ইছলামিক দেশ চৌদি আৰৱে  এগৰাকী মহিলাক মহাকাশলৈ পঠোৱাৰ পৰিকল্পনা কৰিছে। চীনে মহাকাশ যাত্ৰাত  ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ একচেটিয়া অধিকাৰ  খৰ্ব  কৰিবলৈ ব্যাকুল হৈ পৰিছে। একে সময়তে আৰৱ দেশবোৰেও এই তালিকাতনিজৰ নাম  উজ্জ্বল কৰিব বিচাৰিছে। এনে পৰিস্থিতিত মহাকাশলৈ মহিলা মহাকাশচাৰী প্ৰেৰণৰ সিদ্ধান্ত লৈ  চৌদি আৰৱে দেশ খনৰ অতি-ৰক্ষণশীল ভাবমূৰ্তিও সলনি কৰিব বিচাৰিছে বুলি আলোচনা হৈছে।

    ৰায়না বাৰনাৱাই  চৌদি আৰৱৰ এগৰাকী মহাকাশচাৰী হিচাবে পৰিগণিত হৈছে। তেওঁ  স্তনৰ কৰ্কট ৰোগৰ বিষয়ত  গৱেষণা কৰি আছে। তেওঁৰ সৈতে এই যাত্ৰাত  চৌদি আলী আল-কাৰ্ণাও থাকিব। আলী আল-কাৰ্ণা এজন যুঁজাৰু বিমান পাইলট। তেওঁলোকৰ সৈতে আন দুজন মহাকাশচাৰী নাছাৰ পেগি হুইটচন আৰু ব্যৱসায়ী জন শ্বাফনাৰো থাকিব।  তেওঁলোকে সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ১:৩০ বজাত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ কথা আছে। মহাকাশচাৰীসকলে তাত ১০ দিন থাকিব।

    যোৱা বছৰ ছেপ্তেম্বৰত চৌদি আৰবে ঘোষণা কৰিছিল যে তেওঁলোকে এগৰাকী মহিলা মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিব।